NORTHEAST NOW (Assamese)
অসম

এইখন অসমৰে বিৰল ঘটনা! ৪টাকৈ সন্তান জন্ম দিলে এগৰাকী মহিলাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2021 6:50 am
New-Born-baby-750x375

এগৰাকী প্ৰসূতিয়ে দুটাকৈ সন্তান জন্ম দিয়াৰ ঘটনা প্ৰায়েই শুনিবলৈ পোৱা যায়। কিন্তু চাৰিটাকৈ সন্তান জন্ম দিয়াৰ বাতৰিয়ে স্বাভাৱিকতেই আশ্চৰ্যৰ সৃষ্টি কৰিব।

ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পাতালত এনে এক ঘটনাই ঘটিছে। এগৰাকী মহিলাই জন্ম দিলে ৪ টাকৈ সন্তান জন্ম দি সৃষ্টি কৰিছে চাঞ্চল্যৰ।

জানিব পৰা মতে, ৰঙিয়াৰ স্বস্তি হাস্পাতলত ধুবুৰীৰ এগৰাকী মহিলাই ৪টাকৈ সন্তানৰ জন্ম দিছে। এই বিৰল ঘটনাটোত প্ৰসূতিগৰাকীয়ে দুটি কন্যা সন্তান আৰু দুটি ল’ৰা সন্তানৰ জন্ম দিয়ে।

বৰ্তমান শিশুকেইটি সম্পূৰ্ণ সুস্থ থকাৰ কথা হাস্পাতাল কৰ্তৃপক্ষই জানিবলৈ দিছে। হাস্পাতাল কৰ্তৃপক্ষৰ মতে তেওঁলোকৰ তাত এনেধৰণৰ ঘটনা এয়াই প্ৰথম সংঘটিত হৈছে।

এগৰাকী প্ৰসূতিয়ে এনেদৰে ৪টাকৈ সুস্থ সন্তানৰ জন্ম দিয়াৰ পাছত পৰিয়ালবৰ্গৰ লগতে হাস্পাতলখনৰ চিকিৎসা কৰ্মীসকলো আনন্দিত হৈ পৰে।