NORTHEAST NOW (Assamese)

ৰংজুলিত গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মহিলা; অঞ্চলজুৰি চাঞ্চল্য

June 12, 2020 7:58 am · নীলমনি শর্মা
প্ৰতিনিধিত্বমূলক ফটো

গোৱালপাৰা জিলাৰ ধূপধৰাত নিৰুদ্দিষ্ট মহিলাক গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰংজুলি বনাঞ্চলত ধনুভাঙা সাপ্তাহিক বজাৰৰ পিছফালে কিছু নিলগত গছত বন্ধা অৱস্থাত শালনীবাৰীত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীক।

যোৱা ৯ জুনত নিৰুদ্দেশ হোৱা মহিলাগৰাকী এগৰাকী অংগনবাদী কৰ্মী।

বকোৰ শিংৰা অঞ্চলৰ মহিলাগৰাকীয়ে বকোৰ মাজমজিয়াত এ টি এমৰ পৰা টকা উলিয়াই এজন চিনাকি লোকৰ বাহনত উঠি আহিছিল।

বাহনখনত পূৰ্বৰে পৰা  থকা মহিলা এগৰাকীৰ সৈতে চিনাকী লোকজনে অংগনবাদী কৰ্মী গৰাকীক নিচাজাতীয় দ্ৰব্যৰে অচেতন কৰি টকা লুটি নিয়াৰ গুৰুতৰ অভিযোগ কৰে ভূক্তভোগী মহিলাগৰাকীয়ে ।

৪৮ ঘন্টাৰ পিছত গোৱালপাৰা জিলাৰ ধূপধৰাৰ ধনুভাঙাত শালনীবাৰীত আত্মীয়ই বকো আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে মহিলা গৰাকীক।

বৈদুতিক তাঁৰেৰে হাত বন্ধাৰ লগতে চুৰ্ণীৰে ডিঙিটো শালগছৰ সতে বান্ধি থোৱা অৱস্থাত মহিলাগৰাকীক জীৱন্তে উদ্ধাৰ কৰা হয়।

বৰ্তমান মহিলা গৰাকীক ধূপধৰাৰ বিকালী আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

ঘটনা সম্পৰ্কে বকো আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে।

Related News