NORTHEAST NOW (Assamese)

পুৰুষৰ তুলনাত নাৰীসকল বিবাহ বিচ্ছেদৰ বাবে অধিক আগ্ৰহী

January 22, 2023 5:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 22, 2023 4:23 pm

বৰ্তমান মহিলাসকলেও পুৰুষৰ লগতে আৰ্থিকভাৱে স্বাধীন হ’বলৈ কৰ্মক্ষেত্ৰত হাতে কামে আগবাঢ়িছে। সকলো মহিলাই এতিয়া নিজৰ ভৰিত থিয় হ’বলৈ বিচাৰে। তেওঁলোকে শিক্ষিত আৰু উচ্চ শিক্ষাত সফল হ’ব বিচাৰে।

বিয়াৰ পিছতো নাৰীয়ে স্বতন্ত্ৰভাৱে জীয়াই থকাৰ সপোন দেখে। কিন্তু বিয়াৰ পিছত যেতিয়া মহিলা এগৰাকীৰ স্বামী আৰু স্বামীৰ পৰিয়ালে মহিলাগৰাকীৰ কেৰিয়াৰ গঢ়াৰ সপোনৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে তেতিয়া বৈবাহিক বিসংগতিৰ সৃষ্টি হয়। ইয়াৰ ফলত কেতিয়াবা বিবাহ বিচ্ছেদ হ’ব পাৰে।

অধ্যয়নত দেখা গৈছে যে মহিলাতকৈ পুৰুষে বিবাহৰ পিছত অধিক সুবিধা লাভ কৰে। এগৰাকী মহিলাই গোটেই দিনটো ল’ৰা-ছোৱালী, পৰিয়ালৰ কাম, নিজৰ অফিচৰ কামত ব্যস্ত হৈ থাকিবলগা হয়।

ইমানৰ পিছতো যেতিয়া কোনোবাই স্বামী বা পৰিয়ালৰ কঠোৰ কথা শুনিব লগা হয়, তেতিয়া সৃষ্টি হয় পাৰিবাৰিক অশান্তিৰ। দীৰ্ঘদিন ধৰি এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিণতি হ’ব পাৰে বিবাহ বিচ্ছেদ।

সম্পৰ্ক বিশেষজ্ঞৰ মতে নাৰীসকল তেতিয়াই আৱেগিকভাৱে ভাঙি পৰে যেতিয়া তেওঁলোকৰ সংগীয়ে বিভিন্ন বিষয়ত অসন্মতি প্ৰকাশ কৰে। এগৰাকী মহিলাই সদায়ে নিজৰ সংগীৰ পৰা আৱেগিক সমৰ্থন আশা কৰে। কিন্তু স্বামীৰ অবহেলাৰ বাবে বহু মহিলা পৰিয়ালত উপহাস আৰু অত্যাচাৰৰ বলি হয়। ইয়াৰ বাবেই বেছিভাগ মহিলাই নিসংগতাত ভোগে।

বিভিন্ন কাৰণত মহিলাসকলে নিজৰ দুখ-কষ্ট আনৰ লগত ভাগ কৰিব নোৱাৰে। ফলত মানসিক আৰু শাৰীৰিক সমস্যা বাঢ়ি যায়, যাৰ ফলত বিবাহ বিচ্ছেদ হ’ব পাৰে।

মহিলাৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ আন এটা কাৰণ হ’ল – এতিয়া মহিলাসকল আৰ্থিকভাৱে পুৰুষৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াৰ বাবেই কোনো মহিলাই স্বামীৰ আওকাণ, প্ৰতাৰণা বা অৱহেলিত হৈ পৰিয়াল গঢ়িব নিবিচাৰে।

মহিলাসকলে অবিশ্বাস, আৱেগিক নিৰ্যাতন বা যিকোনো ধৰণৰ ক্ষতিকাৰক আচৰণৰ সন্মুখীন হ’লে স্বামীৰ পৰা স্বয়ংক্ৰিয়ভাৱে বিবাহ বিচ্ছেদ বিচাৰে।

বিশেষজ্ঞসকলৰ মতে স্বামীৰ দ্বাৰা মানসিক বা শাৰীৰিক নিৰ্যাতন বা অত্যাচাৰ হ’লে বিবাহ বিচ্ছেদেই নিশ্চিতভাৱে মহিলা সকলৰ বাবে মুক্তি পোৱাৰ একমাত্ৰ উপায়।

কিন্তু বহু পুৰুষে বিবাহ বিচ্ছেদ বিচাৰিলেও কিন্তু দিবলৈ ভয় কৰে। কাৰণ তেওঁলোকে যদি প্ৰথমে বিবাহ বিচ্ছেদ বিচাৰে তেন্তে পত্নীক ধন বা সম্পত্তি দিবলগা হ’ব পাৰে। এইবাবেই বহু নিৰ্যাতনকাৰী পুৰুষে পত্নীক হেঁচা প্ৰয়োগ কৰে, যাতে নাৰীগৰাকীয়ে নিজেই বিবাহ বিচ্ছেদ বিচাৰে।

Related News