NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 23, 2025 10:30 am

শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, ত্ৰিপুৰাৰ গোমাটি জিলাত এটা মন্দিৰ পৰিদৰ্শন কৰি অহাৰ ‎সময়ত এগৰাকী মহিলাক দুজন চুবুৰীয়া পুৰুষে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়।

এটা চেকপোষ্টত আৰক্ষীয়ে গাড়ীখন ৰখাই দিয়াৰ সময়তে দুইগৰাকী অভিযুক্তক আটক কৰা হয়।আৰ কে পুৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিভা সিনহাই কয় যে, “বৃহস্পতিবাৰে সন্ধিয়া ‎গোমাটি জিলাৰ উদয়পুৰ চহৰৰ ত্ৰিপুৰেশ্বৰী মন্দিৰলৈ গৈছিল মহিলাগৰাকী আৰু চুবুৰীয়া ব্যক্তি দুজন।সিনহাই কয় যে নিশা ১০ বজাত তেওঁলোক উভতি অহাৰ সময়তে এটা চেকপোষ্টত গাড়ীখন ৰখাই ‎দিয়া হৈছিল।‎”

মহিলাগৰাকীয়ে কয় যে তেওঁক দুয়োজন লোকে ধৰ্ষণ কৰিছিল। তাৰ পিছত আমি তেওঁলোকক ‎জেৰাৰ বাবে থানালৈ লৈ আহিলোঁ।”‎

শুকুৰবাৰে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ পিছতে মিথুন দেবনাথ আৰু বোৱাৰ দেবৰ্মা নামৰ ‎লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। দুয়োৰে বয়স ২৪ বছৰ বুলি জানিব পৰা গৈছে।‎

ফৰেনছিক দলে গাড়ীখন পৰীক্ষা কৰিছে। তদন্তৰ অংশ হিচাপে নিজৰ বক্তব্য পঞ্জীয়ন কৰিবলৈ ‎স্থানীয় আদালতত মহিলাগৰাকী আৰু অভিযুক্তক হাজিৰ কৰা হয়।

Related News