যি ল’ৰাৰ গাত থাকে এইকেইটা গুণ, সেই ল’ৰাৰ প্ৰেমত পৰিব খোজে নাৰী

নাৰী এগৰাকীয়ে জীৱন সংগী হিচাপে ঠিক কেনেধৰণৰ ল’ৰা বা পুৰুষ বিচাৰে সেই বিষয়ে বহু গৱেষণা আৰু আলোচনা কৰা হৈছে। কিন্তু শেহতীয়াকৈ অষ্ট্ৰেলিয়াত নাৰী পুৰুষৰ প্ৰতি কিয় আৰু কেনেদৰে আকৰ্ষিত হয় সেই সম্পৰ্কে এক অধ্যয়ন কৰা হৈছে। সেই প্ৰতিবেদনৰ পৰা কিছু তথ্য আগবঢ়োৱা হ’ল-
১ বেছিভাগ ছোৱালীয়ে যিকোনো সম্পৰ্কত সোমোৱাৰ আগতে দুবাৰ চিন্তা কৰে। সাধাৰণতে ছোৱালীজনীয়ে পাৰিলে ল’ৰাটোৰ ৰাশিফল, জন্মৰ সময়, নামৰ আৰম্ভণিৰ আখৰবোৰ লক্ষ্য কৰে। জ্যোতিষ অনুযায়ী ল’ৰাটো কেনেকুৱা সেয়া জানিবলৈ চেষ্টা কৰে।
২. ছোৱালীজনীয়ে ল’ৰাটোৰ বিষয়ে সোধা-পোছা কৰে আৰু তাৰ পিছত আগবাঢ়ি যায়। কাৰণ বেছিভাগ ছোৱালীয়ে নিজৰ জীৱনত সম্পৰ্কৰ বেয়া প্ৰভাৱ নিবিচাৰে।
৩. সাধাৰণতে ল’ৰাৰ চেহেৰা দেখি ছোৱালীক আকৰ্ষিত হয়। ছোৱালীয়ে সাধাৰণতে ওখ আৰু ফিট ল’ৰাক বেছি পছন্দ কৰে। কাৰণ ছোৱালীবোৰে অৱচেতনভাৱে ধৰি লয় যে ফিট শৰীৰৰ ল’ৰাবোৰেহে তেওঁলোকক নিৰাপত্তা দিব পাৰে। গতিকে ওখ আৰু শক্তিশালী ল’ৰাৰ প্ৰতি সোনকালে আকৰ্ষিত হয়।
৪. ছোৱালীবোৰে অলপ কম কথা কোৱা আৰু ধুনীয়াকৈ কথা ক’ব পৰা ল’ৰাক বেছি পছন্দ কৰে। অৱশ্যে ছোৱালীজনীৰ মনটো বুজিব লাগিব আৰু কথা পাতিব লাগিব। কিন্তু ল’ৰাটোৰ মাতৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। ছোৱালীয়ে বিচাৰে তেওঁলোকৰ সংগীৰ মাত গধুৰ হওক।
৫. ল’ৰাটোৰ বুদ্ধিমত্তা আৰু আইকিউ যিমানেই বেছি হ’ব সিমানেই মহিলাৰ মাজত ল’ৰাজন জনপ্ৰিয় হ’ব। ল’ৰাৰ বিনয়ী স্বভাৱে নিশ্চিতভাৱে ছোৱালীক আকৰ্ষণ কৰে।
৬. ষ্টাইলিছ ল’ৰাবোৰ সদায় ছোৱালীৰ প্ৰিয় তালিকাত থাকে। ল’ৰাৰ গাড়ী, বাইকে ছোৱালীক আকৰ্ষণ কৰে। আজিকালি ল’ৰাৰ মোবাইলটোও এটা গুৰুত্বপূৰ্ণ বিষয়। ছোৱালীক আকৰ্ষিত কৰিবলৈ ল’ৰাৰ কাপোৰ-কানিও অতি প্ৰয়োজনীয়।
৭. ছোৱালীয়ে স্বাধীন ল’ৰাক ভাল পায়। যিসকল ল’ৰা আনৰ আশ্ৰয়ত নাই। যি ল’ৰাই নিজৰ ব্যৱস্থা নিজে কৰিব পাৰে তেনে ল’ৰাক ছোৱালীয়ে মৰম কৰে।
৮. কঠোৰ পৰিশ্ৰম কৰি সফলতা লাভ কৰা ল’ৰা হ’ল ছোৱালীৰ আকৰ্ষণৰ তালিকাত শীৰ্ষস্থান দখল কৰা ল’ৰা। ছোৱালীয়ে ভাল বেয়া দুয়োটা পৰিস্থিতিৰ সন্মুখীন হোৱা, জীৱনৰ অভিজ্ঞতা থকা ল’ৰাক বেছি পছন্দ কৰে।
লগতে পঢ়কঃ গৰুক দিয়া হ’ব নেকি ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা? সংসদত স্পষ্ট কৰি দিলে সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীয়ে
লগতে পঢ়কঃ মুখৰ কৰ্কটৰোগৰ বিষয়ে কিছু কথা
লগতে পঢ়কঃ ‘সম্পর্ক গঢ়িলেও ‘পত্নী’ৰ লেখীয়া কাকো বিচাৰি নাপালো’; প্ৰেম জীৱনৰ গোপন ৰহস্য মুকলি কৰিলে ৰতন টাটাই