NORTHEAST NOW (Assamese)
অসম

বিশ্ব মহিলা বক্সিঙৰ ফাইনেলত মেৰীকম; ব্ৰঞ্জৰ পদকতে সন্তুষ্ট লাভলিনা

Posted by: এন ই নাও নিউজ November 22, 2018 8:36 pm
বিশ্ব মহিলা বক্সিঙৰ ফাইনেলত মেৰীকম; ব্ৰঞ্জৰ পদকতে সন্তুষ্ট লাভলিনা

দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে পাঁচ বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মেৰী কমে। আজি অনুষ্ঠিত ছেমিফাইনেলত মহিলা বক্সাৰ মেৰি কমে প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি বিশ্ব মহিলা বক্সিঙৰ ফাইলেনত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আজি অনুষ্ঠিত খেলখনত উত্তৰ কোৰিয়াৰ বক্সাৰ তথা প্ৰতিদ্বন্দ্বী কিম হিয়াঙক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

ইফালে ছেমি ফাইনেলত প্ৰৱেশ কৰা অসমৰ আন এগৰাকী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁয়ে প্ৰতিদ্বন্দ্বীৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

মহিলা বক্সাৰ লাভলিনা বৰগোহাঁয়ে মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত পৰাজয় বৰণেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।