NORTHEAST NOW (Assamese)

এখন শিশু শ্ৰমিকহীন সমাজ গঢ় দিয়াতো সকলোৰে নৈতিক দায়িত্ব : বংকিম শৰ্মা

June 19, 2019 7:44 am · পংকজকুমাৰ দেব
Updated: June 19, 2019 10:08 am
ফটো : নৰ্থ-ইষ্ট নাও

হাফলং আৱৰ্ত ভৱনত মঙলবাৰে ডিষ্ট্ৰিক্ট লিগ্যাল চাৰ্ভিচ অথ’ৰিটি আৰু জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত শিশু শ্ৰম আইন আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়।

উক্ত কৰ্মশালাত উপস্থিত থাকে ডিষ্ট্ৰিক্ট লিগ্যাল চাৰ্ভিচ অথ’ৰিটিৰ চেয়াৰমেন ডিমা হাচাও জিলা সত্ৰ ন্যায়ালয়ৰ মুখ্য সত্ৰ ন্যায়াধীশ বংকিম শৰ্মা, সত্ৰ ন্যায়াধীশ অভিজিৎ ভট্টাচাৰ্য, জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, আৰক্ষী অধীক্ষক শ্ৰীজিত টি, অতিৰিক্ত উপায়ুক্ত হেমাংগ নবিছ, আইনজীৱী অজয় চক্ৰবৰ্ত্তী, জিলা জনসংযোগ বিষয়া পূৰবি ফং’লৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি।

শিশু শ্ৰম প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি গৰাকী ব্যক্তিয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ন্যায়াধীশ বংকিম শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, ‘আমি সকলোৱে মিলি এই সামাজিক ব্যাধি ৰোধ কৰিব লাগিব। এটা কথাত এখন শিশু শ্ৰমিকহীন সমাজ গঢ় দিয়াত আগুৱাই অহাটো আমাৰ সকলোৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য’।

ইফালে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই কয় যে চৰকাৰে ইতিমধ্যে শিশু শ্ৰম লৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ উপৰি আইন প্ৰনয়ন কৰিছে। তেওঁ লগতে কয়, ‘অহা দিনত আমি জিলাৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ কৰ্মশালাৰ আয়োজন কৰি অধিক সজাগতা গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগিব।

আনহাতে আৰক্ষী বিভাগেও শিশু শ্ৰমিক বিৰোধী আইন লৈ অধিক সজাগ হৈ থকাৰ কথা কৰ্মশালাত ব্যক্ত কৰে।

Related News