NORTHEAST NOW (Assamese)

চীনৰ বিজ্ঞানীৰ হাতত কামুৰিছিল বাদুলীয়ে; প্ৰতিবেদনক লৈ চাঞ্চল্য

January 18, 2021 12:34 pm · এন ই নাও নিউজ
ফটো: সংগৃহিত।

চীনৰ উহানৰ পৰাই গোটেই বিশ্বতে কৰ’না ভাইৰাছ বিয়পি পৰা বুলি বহুতেই দাবী কৰি আহিছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ প্ৰতিবেদন।

জানিব পৰা মতে, উহানৰ এটা গুহাত নমুনা সংগ্ৰহৰ সময়ত বিজ্ঞানীসকলক কামুৰি দিছিল কেইটামান বাদুলীয়ে।

গুহাটো কৰ’না ভাইৰাছ সংক্ৰমিত বাদুলীবোৰৰ বাসস্থান আছিল বুলি কোৱা হৈছে।

এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এগৰাকী গৱেষকে জানিবলৈ দিয়া মতে ২০১৭ চনত তেওঁ যেতিয়া সেই গুহাটোত নমুনা সংগ্ৰহৰ কৰিবলৈ গৈছিল তেতিয়া তেওঁৰ ৰবৰৰ গ্ল’ভছ ফুটাই বাদুলীবোৰে কামুৰি বেজীৰ দৰে ফুটা কৰি দিছিল।

আনহাতে, সেই সময়তে উহানৰ লেবেৰটৰীৰ কৰ্মীসকলে গ্ল’ভছ, মাস্ক অবিহনেই বাদুলী হাতেৰে ধৰা দেখা গৈছিল।

চীনৰ এটা টিভি ফুটেজৰ ভিডিঅ’ত দুজন ব্যক্তিয়ে গ্ল’ভছ অবিহনেই বাদুলী ধৰা দেখা গৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি প্ৰকৃততে সেয়া অনুমোদিত নহয়।

ইপিনে, চীনৰ আইচক্ৰীমতো এতিয়া কৰ’না পজিটিভ পোৱা গৈছে। উত্তৰ চীনৰ আইচক্ৰীমসমূহত প্ৰচুৰ পৰিমানে কৰ’না ভাইৰাছ পোৱাৰ খৱৰ সদৰী হৈছে।

চীনৰ বিজ্ঞানীক বাদুলীয়ে কামোৰাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে কৰ’না ভাইৰাছৰ উৎস সম্পৰ্কে নতুন তথ্যৰ সন্ধান পোৱাৰ আশা কৰা হৈছে।

Related News