NORTHEAST NOW (Assamese)

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

May 23, 2025 9:45 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 23, 2025 8:06 pm

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল৷ ‘ফ’ৰ কোৱাৰ্টেটছ’ নিলিখা হ’লে এলিয়ট সাধাৰণ কবি হৈয়ে থাকিল হয়৷ কিন্তু গদ্যকাৰ হিচাপে এলিয়ট কবিতকৈও বেছি সফল আছিল৷ সেই এলিয়টতকৈও মহৎ কবি আছিল য়েটছ৷ ১৯৪০ চনৰ প্ৰথম য়েটছ স্মাৰক বক্তৃতাত এলিয়টে নিজেই লিখি থৈ গৈছে যে য়েটছ তেওঁৰ সময়ৰ সৰ্বশ্ৰেষ্ঠ কবি, কেৱল ইংৰাজী ভাষাৰে নহয়, পৃথিৱীৰ যিকোনো ভাষাৰে ভিতৰত৷’’ কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান ‘চৰ্য্যা’ৰ যুটীয়া উদ্যোগত ইংৰাজীভাষী পৃথিৱীৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ কবি উইলিয়াম বাটলাৰ য়েটছৰ ১৬০ বছৰীয়া জয়ন্তীৰে সংগতি ৰাখি অনুষ্ঠিত এটি বিশেষ বক্তৃতানুষ্ঠানত এই মত ব্যক্ত কৰে তীক্ষ্ণধী সমালোচক, শিক্ষাবিদ অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে৷

কালি (২২ মে’, ২০২৫) দিনৰ ২.৩০ বজাত কটন বিশ্ববিদ্যালয়ৰ মাণিক চন্দ্ৰ বৰুৱা ভৱনৰ ছেমিনাৰ হল ৩১১ত অনুষ্ঠিত “W. B. Yeats: 160” শীৰ্ষক এই বিশেষ বক্তৃতানুষ্ঠানত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক দেৱ গোস্বামীয়ে লগতে কয়— ‘‘য়েটছে ভাৰতীয় প্ৰেক্ষাপটত তিনিটা কবিতা লিখিছিল৷ তেওঁ কেতিয়াও ভাৰত ভ্ৰমণ কৰা নাছিল যদিও  ডেকাকালত  তেওঁ যথেষ্ট ভাৰতীয় গ্ৰন্থ অধ্যয়ন কৰিছিল।’’ য়েটছৰ ১৬০ বছৰীয়া জয়ন্তী উলপক্ষে আয়োজিত দেশৰ ভিতৰতে প্ৰথমটো অনুষ্ঠানত কালি দেৱ গোস্বামীয়ে ইয়েটছ আৰু ভাৰতৰ সম্পৰ্ক বিষয়ত প্ৰথমেই বিস্তৃতভাৱে আলোচনা কৰে৷ মোহিনী চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু পুৰোহিত স্বামীৰ সৈতে তেওঁৰ সম্পৰ্ক, ঠাকুৰ আৰু ইয়েটছৰ সান্নিধ্য, ‘গীতাঞ্জলি’ৰ ইংৰাজী অনুবাদৰ বাবে লিখা য়েটছৰ ভূমিকা আদিৰ বিস্তাৰিত আলোচনা আগবঢ়ায়৷

এঘণ্টা ৩৪ মিনিটজোৰা বক্তৃতাৰ মাজ ভাগত দেৱ গোস্বামীয়ে ভাৰতীয় বিদ্বানসকলে য়েটছৰ সৃষ্টিৰ প্ৰতি জনোৱা সঁহাৰি তথা আলোচনাৰ প্ৰসংগত হৰিবংশ ৰায় বচ্চন, নৰেশ গুহ, ভৱতোষ চট্টোপাধ্যায়, গায়ত্ৰী চক্ৰৱৰ্তী স্পিৱাক, ভি কে নাৰায়ণ মেনন আদিৰ ৰচনাত প্ৰকাশ পোৱা চিন্তাধাৰাসমূহৰ বিষয়ে চিত্তাকৰ্ষক পৰ্য্যালোচনা আগবঢ়ায়৷ বক্তৃতাৰ শেষৰফালে দেৱ গোস্বামীয়ে ইয়েটছৰ কাব্যভাষা, ইয়াৰ বিৱৰ্তন আদিৰ লগতে প্ৰাসংগিক কেইবাটাও কবিতাৰ স্তৱক তথা সম্পূৰ্ণ কবিতা আবৃত্তি কৰি সমৱেত শ্ৰোতা-দৰ্শকক বিস্ময়-বিমুগ্ধ কৰি ৰাখে৷

বক্তৃতাৰ শেষত এটি প্ৰশ্নোত্তৰ অনুষ্ঠানত ভাগ লৈ অধ্যাপক দেৱ গোস্বামীয়ে প্ৰখ্যাত ঔপন্যাসিক ডঃ ধ্ৰুৱজ্যোতি বৰা, কবি ৰাজীৱ বৰুৱা, নয়ন কুমাৰ নাথ, ধ্ৰুৱ তালুকদাৰ, অনুভৱ তুলসী, ৰাখী কলিতা মৰল, ৰাজশ্ৰী বৰগোহাঞি আদি বিভিন্নজনৰ প্ৰশ্নৰ উত্তৰ দান কৰে৷

Related News