NORTHEAST NOW (Assamese)

এনচিআৰবিৰ প্ৰতিবেদন : দেশৰ ভিতৰতে আটাইতকৈ বেছি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছে যোগীৰাজ্যত 

December 7, 2023 3:38 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

২০২২ চনত  দেশৰ ভিতৰতে আটাইতকৈ বেছি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছে যোগী ৰাজ্য উত্তৰপ্ৰদেশত।  শেহতীয়াকৈ প্ৰকাশিত এনচিআৰবিৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য ওলাইছে।

এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২২ চনত কেৱল উত্তৰ প্ৰদেশতে ৰাষ্ট্ৰদ্ৰোহৰ ২২০৭টা গোচৰ পঞ্জীয়ন হৈছিল। তাৰ পিছতেই দ্বিতীয় সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছে তামিলনাডুত। 

ষ্টেলিনৰ ৰাজ্য তামিলনাদুত ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ ৬১৮টা গোচৰ ৰুজু হৈছিল। ইয়াৰ বিপৰীতে অসমত ৰুজু হৈছে ২৯৩ টা গোচৰ। 

আনহাতে ২০২২ চনত মণিপুৰত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন বা ইউএপিএ আইনৰ অধীনত সৰ্বাধিক গোচৰ ৰুজু হৈছে। 

মণিপুৰত ইউএপিএ আইনৰ অধীনত ৰুজু হৈছে ১৬৭টা গোচৰ ।  এই আইনৰ অধীনত অসমত ১৩৩টা গোচৰ ৰুজু হৈছে।

Related News