NORTHEAST NOW (Assamese)

ক’লাজামুৰ এইসমূহ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও হৈ পৰিব আচৰিত! পঢ়ক সবিশেষ…

May 29, 2025 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 28, 2025 8:59 pm

ক’লাজামুৱে শৰীৰলৈও বহুতো উপকাৰ কঢ়িয়াই আনে। স্থানীয় ফলৰ ক’লাজামুৰ  উপকাৰিতাৰ বিষয়ে বহুতে নাজানে। যদিও বছৰত কম সময়ৰ বাবে উপলব্ধ। অৱশ্যে সম্ভৱ হ’লে এই ঋতুভিত্তিক ফলবিধ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

ক’লাজামুৰ পুষ্টিকৰ মূল্য

প্ৰতি ১০০ গ্ৰাম ক’লাজামুৰ  থাকে:

কেলৰি: ৬২ গ্ৰাম

কাৰ্বহাইড্ৰেট: ১৫.৫ গ্ৰাম

আঁহ: ১.৫ গ্ৰাম

ভিটামিন চি: ১৮ মিলিগ্ৰাম

আইৰণ: ১.৪১ মিলিগ্ৰাম

পটাছিয়াম: ৫৫ মিলিগ্ৰাম

এতিয়া চাওঁ আহক এই গ্ৰীষ্মকালীন ফলবিধৰ কি কি আচৰিত উপকাৰিতা আছে-

১) পুষ্টি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ

ক’লাজামুৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে ভৰপূৰ। ই ভিটামিন চি, আইৰণ, আৰু এন্থচাইনিনৰ দৰে এন্টিঅক্সিডেন্টৰ এক উৎকৃষ্ট উৎস, যিয়ে ফলটোক গাঢ় বেঙুনীয়া ৰং দিয়ে। জাৰ্নেল অৱ ফুড চাইন্স এণ্ড টেকনলজিত প্ৰকাশিত এক গৱেষণাৰ মতে এই এন্টিঅক্সিডেণ্টে শৰীৰৰ অক্সিডেটিভ চাপ আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

২) হজম শক্তিত সহায় কৰে।

গ্ৰীষ্মকালত বহু লোকে পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হয় আৰু ক’লাজামুৰ এই সমস্যাৰ পৰা সকাহ দিব পাৰে। এই ফলত খাদ্য আঁহ থাকে, যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে। জাৰ্নেল অৱ ইথনফাৰ্মাকলজীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে জামত থকা টেনিন আৰু ফ্লেভনইডে প্ৰদাহ হ্ৰাস কৰে আৰু উপকাৰী বেক্টেৰিয়া বৃদ্ধি কৰে।

৩) তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে

ডায়েবেটিছ ৰোগীৰ বাবে ক’লাজামু এক আশীৰ্বাদ। এই ফলত জাম্বলিন আৰু জাম্বোচিনৰ দৰে যৌগ থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰাৰ কাম কৰে। জাৰ্নেল অৱ মেডিচিনেল ফুডত প্ৰকাশিত গৱেষণাই নিশ্চিত কৰিছে যে এই যৌগবোৰে ষ্টাৰচক চেনিলৈ ৰূপান্তৰিত কৰাত লেহেমীয়া কৰাত সহায় কৰে।

৪) ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে

গ্ৰীষ্মকালীন ৰদে আমাৰ ছালত ক্ষতি কৰিব পাৰে, যাৰ ফলত ব্ৰণ আৰু শুকান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হব পাৰে। ক’লাজামুৰ উচ্চ ভিটামিন চি আৰু এষ্ট্ৰিংজেণ্ট গুণে আমাৰ ছালখন সজীৱ কৰি তোলাত সহায় কৰিব পাৰে আৰু এই সমস্যাসমূহৰ বিৰুদ্ধে যুঁজিব পাৰে। জাৰ্নেল অৱ আয়ুৰ্বেদ এণ্ড ইন্টিগ্ৰেটিভ মেডিচিনৰ এক অধ্যয়নত দেখা গৈছে যে ক’লাজামুৱে ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাত সহায় কৰে আৰু দাগ কমায়, যাৰ ফলত ছালখনক প্ৰাকৃতিক জিলিকনি দিয়ে।

৫/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ক’লাজামুত থকা ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থৰ গৱেষণাৰ মতে এই পুষ্টিকৰ উপাদানসমূহে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ অতি গুৰুত্বপূৰ্ণ শ্বেত ৰক্তকণিকাৰ উৎপাদন বৃদ্ধি কৰে।

Related News