NORTHEAST NOW (Assamese)

১ অক্টোবৰৰ পৰা সলনি হ’ব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আৰু RC – চাওক কি কি সলনি হ’ব আৰু ইয়াক কেনেকৈ লাভ কৰিব

September 28, 2019 12:56 pm · পিয়ূষ ৰঞ্জন বৰদলৈ
Updated: October 16, 2019 2:42 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দেশৰ যান-বাহন আইন অধিক ফলপ্ৰসু কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰই এক অক্টোবৰৰ পৰা গাড়ী চালকৰ ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চিত কেতবোৰ সালসলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সমগ্ৰ দেশৰ যান-বাহন আইনত যাতে সমতা আৰু ঐক্য বজাই থাকে আৰু এখন ৰাজ্যৰ চালকে আন এখন ৰাজ্যলৈ যোৱাৰ সময়ত যাতে অসুবিধা ভোগ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

 অংকিত হব  Microchip আৰু QR Code 

নতুন নিয়মৰ অধীনত DL আৰু RCত অংকিত হব  Microchip আৰু QR Code আৰু দেশৰ প্ৰতিখন ৰাজ্যৰে ড্ৰাইভিং লাইচেঞ্চ আৰু RC একে ৰঙৰ হ’ব। বহু ৰাজ্যত DL আৰু RCৰ বিৱৰণ সমুখৰ ফালে আৰু আন কিছু ৰাজ্যত ইয়াক পিছৰ পিনে অংকিত কৰা দেখা যায়।

কিন্তু নতুন নিয়মৰ অধীনত ইয়াক নিৰ্দিষ্ট এক ঠাইতহে অংকিত কৰিব লাগিব। Microchip আৰু QR Codeত সকলো বিৱৰণ ডিজিটেল মাধ্যমত চাব পৰা হ’ব।

বাহন সম্পৰ্কীয় সকোলো তথ্য উপলব্ধ হব –

QR কোডৰ জৰিয়তে কেন্দ্ৰীয় ডাটাবেচৰ সৈতে সকলো চালক আৰু বাহন সম্পৰ্কীয়  তথ্য উপলব্ধ হব ।  কোৱা হৈছে যে QR কোড অধ্যয়ন  কৰাৰ বাবে যান-বাহন আৰক্ষীৰ হাতত থাকিব হেণ্ডি ট্ৰেকিং ডিভাইছ।

সকলো DLৰ পাছফালে এটা ইমাৰ্জেঞ্চি নম্বৰ অংকিত কৰা হ’ব যিটো অপাতকালীন  সময়ত চালক সকলে ব্যবহাৰ কৰিব পৰা যাব।

এই নম্বৰটোৰ সৈতে আৰক্ষী অথবা দায়িত্বত থকা আন কোনো অধিকাৰীৰ সৈতে যোগাযোগ কৰিব পৰা যাব।

কি অসুবিধাৰ সন্মুখিন হব পাৰে –
DL আৰু RCৰ কাৰণে দেশৰ সকলো ৰাজ্যই নিজৰ নিজৰ ফৰ্মেট ব্যবহাৰ কৰি আহিছে। কিন্তু অসুবিধাৰ বিষয় এইটো যে কোনো কোনো ৰাজ্যত DL আৰু RCৰ বিৱৰণ সমুখৰ ফালে আৰু আন কোনো কোনো ৰাজ্যত ইয়াক পিছৰ পিনে অংকিত কৰা হয়।

কিন্তু চৰকাৰৰ নতুন সিদ্ধান্তৰ পিছত এতিয়াও DL আৰু RCৰ বিৱৰণ কোন স্থানত অংকিত কৰা হ’ব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পৰা হোৱা নায়।

Related News