NORTHEAST NOW (Assamese)

নাকচ কৰিছিল প্ৰেমৰ প্ৰস্তাৱ : মাতৃ আৰু যুৱতীক চোকা অস্ত্ৰেৰে আক্ৰমণ উদণ্ড প্ৰেমিকৰ

September 18, 2024 2:39 pm · এন ই নাও নিউজ

যোৱা নিশা নলবাৰী জিলাৰ মুকালমুৱা খলিহাপাৰা গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। সুৰজিৎ ​​বৰ্মন নামৰ এজন যুৱকে এগৰাকী যুৱতী আৰু যুৱতীগৰাকীৰ মাতৃক আক্ৰমণ কৰে।

জানিব পৰা মতে, যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল ভুক্তভোগী যুৱতীগৰাকীক। কিন্তু প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল যুৱতীগৰাকীয়ে। তাৰপিছতেই মাতৃসহ যুৱতীক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে যুৱকজনে।

এই আক্ৰমণত যুৱতীগৰাকী আৰু মাতৃ গুৰুতৰভাৱে আহত হয়। প্ৰথমে তেওঁক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু পিছত দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

যুৱতীগৰাকীৰ পৰিয়ালে জনোৱা মতে, প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছতে সুৰজিৎ ​​বৰ্মন ক্ষুব্ধ হৈ পৰে। আনহাতে আন এজন যুৱকৰ লগত বিয়া ঠিক হৈছিল যুৱতীগৰাকীৰ। ইয়াৰ প্ৰতিশোধ হিচাপে সুৰজিৎ ​​বৰ্মনে যুৱতীগৰাকী আৰু তেওঁৰ মাতৃৰ ওপৰত হিংসাত্মক আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ ভাতৃয়ে।

জানিব পৰা মতে, ছোৱালীজনী আৰু মাতৃ ঘৰতে শুই থকা অৱস্থাত সংঘটিত হয় এই আক্ৰমণ। সুৰজিৎ ​​বৰ্মনে বলপূৰ্বক দুৱাৰ ভাঙি আক্ৰমণ কৰি পলায়ন কৰে।

Related News