NORTHEAST NOW (Assamese)

কম খৰচৰ হালবোৱা যন্ত্ৰ উদ্ভাৱন যুৱকৰ; এক লিটাৰ পেট্ৰ’লেৰে চহাব পাৰি প্ৰায় ডেৰবিঘা মাটি

July 11, 2020 10:35 am · নিৰ্মলেন্দু পাঠক
Updated: July 11, 2020 10:38 am
ফটো: নৰ্থইষ্ট নাও

অসমৰ কৃষকৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে টীয়কৰ এগৰাকী যুৱকে।

লাখ টকা ব্যয় কৰি যি সকল কৃষকে এহাল গৰু, এখন পাৱাৰ টিলাৰ ক্ৰয় কৰিবলৈ সক্ষম নহয় সেইকল কৃষকৰ বাবে মাত্ৰ দহৰ পৰা পোন্ধৰ হাজাৰ টকা খৰচ কৰি হালবোৱা এক যন্ত্ৰ সাজি উলিয়াই চমক সৃষ্টি কৰিছে যোৰহাট জিলাৰ টীয়কৰ মেলেং গায়ন গাঁৱৰ দেবজিত দত্ত নামৰ যুৱকজনে।

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত দেৱজিতে স্কুটাৰৰ ইঞ্জিন আৰু আনুসংগিক কেতবোৰ সামগ্ৰী ব্যৱহাৰ কৰি সাজি উলিওৱা এই হালবোৱা যন্ত্ৰটোৰে এক লিটাৰ পেট্ৰলৰে প্ৰায় ডেৰবিঘা মাটি অনায়েসে হাল বাব পাৰি বুলি জানিবলৈ দিয়ে।

অৰ্থৰ অভাৱৰ বাবে মেধাবী দেৱজিতৰ অধ্যয়নত কিছু অন্তৰায়ৰ সৃষ্টি হৈছিল যদিও অশেষ কষ্টেৰে ইলেকট্ৰনিক বিষয়ত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতে কম বেছি পৰিমাণে ইলেক্ট্ৰনিক আৰু ইলেক্ট্ৰিকেলৰ কাম আৰম্ভ কৰি পৰিয়াল পোহপাল দি আহিছে।

লক ডাউনৰ সময়ত সময়ৰ উপযুক্ত ব্যৱহাৰ কৰি এই যন্ত্ৰটো আৱিষ্কাৰ কৰি প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰতা প্ৰতিভা বিকাশৰ অন্তৰায় নহয়।

দেৱজিতৰ এই সফলতাক এতিয়া সকলোৱে আদৰণি জনাইছে l

Related News