NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জা সহ যুৱক আটক

November 17, 2019 6:33 pm · এন ই নাও নিউজ
গুৱাহাটী ৰে'লৱে ষ্টেশ্যনত উদ্ধাৰ হোৱা গাঞ্জাখিনি

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত দেওবাৰে ৰে’ল আৰক্ষীয়ে চলোৱা তালাচী অভিযানত ৰোহিত কুমাৰ শ্ব’ নামৰ এজন লোকক অবৈধ গাঞ্জা সহ আটক কৰা হয়।

ৰে’ল আৰক্ষীয়ে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত চলোৱা তালাচীৰ সময়তে গাঞ্জাখিনি জব্দ কৰা হয়।

ৰে’ল আৰক্ষীয়ে জনোৱা মতে জব্দ হোৱা গাঞ্জাখিনিৰ ওজন হ’ব প্ৰায় ১০ কিলোগ্ৰাম।

জব্দ হোৱা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪০ লাখ টকাৰ হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

জানিব পৰা মতে, যুৱকজনে মণিপুৰৰ পৰা নিষিদ্ধ গাঞ্জাখিনি লৈ আহিছিল।

আনহাতে, আৰক্ষীয়ে ধৃত যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি বৰ্তমান সোধ-পোছ অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, গুৱাহাটী ৰে’ল আৰক্ষীৰ তালাচী অভিযানত প্ৰায়ে ডিমাপুৰৰ লগতে উত্তৰ-পূবৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি অহা বিভিন্ন স্থানীয় আৰু বহিঃ ৰাজ্যৰ যুৱক আটক হৈ আহিছে।

Related News