NORTHEAST NOW (Assamese)

য়ুনিছ খান পাকিস্তানৰ মুখ্য বেটিং প্ৰশিক্ষক নিযুক্ত; ৩০ জুলাইৰ পৰা ইংলেণ্ডৰ সৈতে শৃংখলা

June 10, 2020 6:36 am · এন ই নাও নিউজ
য়ুনিছ খান

ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ বাবে পাকিস্তান ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে য়ুনিছ খানক নিযুক্তি দিছে পাকিস্তান ক্ৰিকেট বোৰ্ডে।

পাকিস্তানৰ হৈ টেষ্টত সৰ্বাধিক সংখ্যক ৰান সংগ্ৰহৰ অভিলেখ য়ুনিছ খানৰ নামত আছে।

পাকিস্তান ক্ৰিকেট বোৰ্ডে য়ুনিছ খানৰ লগতে প্ৰাক্তন লেগ স্পীনাৰ মুস্তাক আহমেদকো স্পীন বলিং প্ৰশিক্ষক আৰু দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত দীৰ্ঘদিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বন্ধ হৈ থকাৰ পাছত পাকিস্তানতে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট আৰু সমসংখ্যক টি-২০ত অংশগ্ৰহণ কৰিব।

ইংলেণ্ড আৰু পাকিস্তানৰ মাজত শৃংখলাতো ৩০ জুলাইৰ পৰা আৰম্ভ হ’ব।

আনহাতে, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে ইংলেণ্ডত তিনিখনীয়া টেষ্ট শৃংখলাত অংশলোৱাৰ উদ্দেশ্যে মঙলবাৰে ইংলেণ্ডত পদাৰ্পন কৰিছে।

উল্লেখযোগ্য যে, আই চি চিয়ে ক’ৰ’নাৰ সংক্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰত ভালেসংখ্যক নীতি-নিৰ্দেশনা জাৰি কৰিছে।

এতিয়াৰে পৰা বলাৰ সকলে ক্ৰিকেট বলত থু ব্যৱহাৰ কৰিব নোৱাৰিব।

Related News