NORTHEAST NOW (Assamese)
Popular Stories

ৰুছ-ইউক্ৰেইন সমস্যা সমাধানৰ বাবে ৩ সূত্ৰ প্ৰস্তাৱ জেলেনস্কীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2022 1:01 pm

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ বাবে ৩টা সূত্ৰৰ প্ৰস্তাৱ আগবঢ়ায়। জি-৭ দেশৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত তেওঁ আগবঢ়ায় এই তিনি প্ৰস্তাৱ।

এই প্ৰস্তাৱসমূহৰ ভিতৰত আছে ইউক্ৰেইনক পশ্চিমীয়া অস্ত্ৰ-শস্ত্ৰ প্ৰদান, ইউক্ৰেইনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰা আৰু কূটনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰা। এই তিনি সূত্ৰ প্ৰস্তাৱ কৰি জেলেনস্কিয়ে জি-৭ৰ দেশসমূহক ইউক্ৰেইনৰ কাষত থিয় দিবলৈ আহ্বান জনায়।

জেলেনস্কিৰ প্ৰথম সূত্ৰৰ প্ৰস্তাৱত পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনক নতুন অস্ত্ৰ যোগান ধৰিবলৈ আহ্বান জনায়। ইউক্ৰেইনক আধুনিক টেংক, গোলাবাৰুদ আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ প্ৰস্তাৱ দিয়ে জেলেনস্কীয়ে।

দ্বিতীয় সূত্ৰত আৰ্থিক সাহায্যৰ আহ্বান জনায়। কোৱা হয় যে আৰ্থিক আৰু সামাজিকভাৱে সুস্থিৰ হলে ইউক্ৰেইনৰ সেনাই সহজেই ৰাছিয়াৰ সেনাক দমন কৰিব পাৰিব।

তৃতীয় সূত্ৰ প্ৰস্তাৱত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কূটনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ আহ্বান জনাইছে জেলেনস্কিয়ে। লগতে জেলেনস্কিয়ে তৎকালীনভাৱে বিশ্বব্যাপী শান্তি সূত্ৰ সন্মিলন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।

ইফালে, আগন্তুক বৰদিন উপলক্ষে ৰাছিয়াক ইউক্ৰেইনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে ভ্লাডিমিৰ জেলেনস্কিয়ে।