NORTHEAST NOW (Assamese)
Popular Stories

জেলেনস্কি চৌদি আৰবলৈ যাব, কিন্তু মাৰ্কিন বিষয়াৰ সৈতে বৈঠকত অংশগ্ৰহণ নকৰে! কোন দিশে দুয়োখন দেশৰ সম্পৰ্ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2025 7:02 pm

আমেৰিকাৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হব ইউক্ৰেইনৰ বিষয়াসকলে। কিন্তু আমেৰিকা বা ইউৰোপত নহয়। চৌদি আৰৱত অনুষ্ঠিত হব এই বৈঠক। সেই বৈঠকত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভডিমাইৰ জেলেনস্কি নিজেই উপস্থিত নাথাকিব। বৃহস্পতিবাৰে নিশা দিয়া ভাষণত তেওঁ এই কথা কয়।উল্লেখ্য যে, অহা সপ্তাহত চৌদি আৰব ভ্ৰমণ কৰিব জেলেনস্কিয়ে। কিন্তু তেওঁ আমেৰিকাৰ বিষয়াৰ সৈতে হোৱা বৈঠকত নাথাকিব।

শেহতীয়াকৈ জেলেনস্কিয়ে ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিবলৈ হোৱাইট হাউছলৈ গৈছিল। কিন্তু ৰাজহুৱা স্থানত তেওঁলোকৰ মাজত বাক-বিতণ্ডা হয়। ট্ৰাম্পে কয় যে জেলেনস্কিয়ে তৃতীয় বিশ্বযুদ্ধৰ সৈতে খেলি আছে। জেলেনস্কিয়ে প্ৰতি উত্তৰ দি কয় যে ৰাছিয়াৰ সৈতে আপোচৰ পথত খোজ দিয়াটো সম্ভৱ নহয়। কাৰণ তেওঁ ইউক্ৰেইনৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ সৈতে কেতিয়াও আপোচ নকৰে। জেলেনস্কিয়ে আমেৰিকাৰ পৰা নিৰাপত্তাৰ নিশ্চয়তা বিচাৰিছিল। ট্ৰাম্প আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে তেওঁৰ কাজিয়া সমগ্ৰ বিশ্বই চাই আছিল। ইয়াৰ পিছত জেলেনস্কিয়ে আহাৰ নোখোৱাকৈয়ে হোৱাইট হাউছৰ পৰা ওলাই আহিল।যাৰ ফলত আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত বহু চৰ্চিত খনিজ চুক্তি বাতিল কৰা হয়।

জেলেনস্কি আমেৰিকাৰ পৰা পোনে পোনে ব্ৰিটেইনলৈ গৈছিল। ট্ৰাম্পৰ সৈতে হোৱা ফলআউটৰ পাছত তেওঁ ইউৰোপৰ কেইবাখনো দেশৰ সমৰ্থন লাভ কৰিছে। ব্ৰিটেইনে ইউক্ৰেইনৰ প্ৰতিৰক্ষা খণ্ডকো বিশেষ ঋণ প্ৰদান কৰিছে। ব্ৰিটেইন আৰু ফ্ৰান্সে একেলগে কাম কৰি ইউক্ৰেইনক সৈন্য আৰু আৰ্থিক সাহায্য প্ৰদান কৰিছে।

যদিও জেলেনস্কিয়ে স্বীকাৰ কৰিছে যে আমেৰিকাক তেওঁৰ প্ৰয়োজন। ট্ৰাম্পৰ সৈতে সম্পৰ্ক ভাল কৰাটো সম্ভৱ বুলিও তেওঁ কয়। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। একাংশ পৰ্যবেক্ষকৰ মতে চৌদি আৰৱত আমেৰিকাৰ বিষয়াসকলৰ সৈতে ইউক্ৰেইনৰ বৈঠকেও শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰে।