NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ বজাৰলৈ আহিল জেলেনস্কি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2022 6:30 pm

ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি মুখ্যতঃ তেওঁৰ সাহসিকতা আৰু প্ৰতিশ্ৰুতিৰ বাবে পৃথিৱীৰ এগৰাকী অতি দৃঢ়মনা নেতা হিচাপে পৰিচিত হৈ পৰিছে।

ইউক্ৰেইনৰ নাগৰিকসকলৰ প্ৰতি তেওঁৰ দৃঢ়তা আৰু আনুগত্যই তেওঁক ৰাতিটোৰ ভিতৰতে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা কৰি তুলিলে। অসমতো জেলেনস্কিৰ যথেষ্ট অনুৰাগী আছে।

গুৱাহাটীস্থিত চাহ কোম্পানী আৰোমিকা টী-য়ে বুধবাৰে ইয়াৰ নতুন সামগ্ৰী –  শক্তিশালী অসম ব্লেক টী-জেলেনস্কি মুকলি কৰে।

লগতে পঢ়ক: GIMT, গুৱাহাটীলৈ উদ্ভাৱনী সাফল্যৰ অটল ৰেংকিঙৰ স্বীকৃতি

আৰোমিকা টী-ৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰুৱাই নৰ্থইষ্ট নাওক কয়, “জেলেনস্কি হৈছে শক্তিশালী (ৰাছিয়া)ৰ সৈতে যুঁজিবলৈ শক্তি আৰু সামৰ্থ্যৰে বিশ্বৰ মহানায়ক আৰু ই আমাৰ অসমৰ চাহৰ শক্তি আৰু দৃঢ়তাৰ চৰিত্ৰ প্ৰতিফলিত কৰে।”

বৰুৱাই কয় যে নতুনকৈ মুকলি কৰা শক্তিশালী অসমৰ ক’লা চাহ– জেলেনস্কি  হৈছে শক্তিশালী অসম চিটিচি আৰু হস্তশিল্প কাৰিকৰীৰ (আৰ্টিচনেল হেণ্ডক্ৰাফ্টেড) অসম অৰ্থোডক্স চাহৰ এক বিশেষ মিশ্ৰণ।

বৰুৱাই কয়, “এই চাহে আপোনাক উজ্জীৱিত কৰিব আৰু এক ‘মল্টি ফ্লেভাৰৰ’ সৈতে শক্তিশালী চাহ কাপ দিব।” ২০০ গ্ৰামৰ পেকেটৰ বাবে ইয়াৰ মূল্য ৯০ টকা। 

লগতে পঢ়ক: লক্ষ্য দুৰ্নীতিমুক্ত পঞ্জাৱ: হেল্পলাইন নম্বৰ মুকলি মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

আৰোমিকা চাহ ব্ৰেণ্ডটোৰ প্ৰতিষ্ঠাপকে এতিয়া সমগ্ৰ ভাৰততে এই নতুন “শক্তিশালী অসম চাহ”ৰ বজাৰ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁৰ কোম্পানীটোৰ নাম হৈছে টেণ্ডাৰ বাডচ টিচ এণ্ড ক্ৰাফ্টছ প্ৰাইভেট লিমিটেড, আৰু ই গুৱাহাটীৰ বামুণীমৈদামৰ ওচৰৰ পূব জ্যোতি নগৰত অৱস্থিত।

বিগত দুটা দশক ধৰি চাহৰ ব্যৱসায়ৰ সৈতে জড়িত থকা বৰুৱাই কয়, “আমি সমগ্ৰ ভাৰতত নতুন চাহবিধৰ ভাল বজাৰৰ বাবে সঁহাৰি পাম বুলি আশাবাদী।”

WhatsApp Image 2022-03-17 at 5.33.49 PM

কোম্পানীটোৱে অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জৈৱিক চাহ বাগিচাৰ পৰা সেউজীয়া চাহ সংগ্ৰহ কৰে আৰু স্থানীয় উৎপাদকসকলক তেওঁলোকৰ উৎপাদিত চাহৰ বাবে এক ভাল মূল্য আৰু স্থিৰ বজাৰ পোৱাত সহায় কৰে।

“আমাৰ চাহ সুগন্ধি, তথা সোৱাদ সমৃদ্ধ আৰু আপোনাক সেউজীয়া চাহৰ নিখুঁত মিশ্ৰণ প্ৰদান কৰিবলৈ আবেগ আৰু মৰমেৰে হাতেৰে বনোৱা হয়,” বৰুৱাই কয়।

ইয়াৰ পূৰ্বে, আৰোমিকা চাহে উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে বিকশিত (ব্লুমিং) গ্ৰীণ টি বজাৰলৈ আনিছিল।