NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ শংকৰ-আজান পীৰ জুনিয়ৰ কলেজত নৱাগত আদৰণি সভা, কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Posted by: ৰিদিপ শৰ্মা September 6, 2018 9:36 pm

কলিয়াবৰৰ গৰৈমাৰিৰ শংকৰ-আজান পীৰ জুনিয়ৰ কলেজত বৃহস্পতিবাৰে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। সভাখনত লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয়।

সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নগাওঁ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগ।

২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হোৱা শংকৰ-আজান পীৰ জুনিয়ৰ কলেজৰ ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানতে। লগতে হাইস্কুল শিক্ষন্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ শংকৰ-আজান পীৰ হাইস্কুলৰ কৃতি ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ সফলতাৰ বাবে শংকৰ-আজান পীৰ জুনিয়ৰ কলেজক স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই এক লাখ টকাৰ অনুদান আগবঢ়াইছিল।