NORTHEAST NOW (Assamese)
Popular Stories

আজৱ! ক’ভিড ভেকচিনৰ পৰা হাত সাৰিবলৈ নদীত জাঁপ দিলে এখন গাঁৱৰ বাসিন্দাই, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2021 2:44 pm
আজৱ! ক’ভিড ভেকচিনৰ পৰা হাত সাৰিবলৈ নদীত জাঁপ দিলে এখন গাঁৱৰ বাসিন্দাই, ক’ত?

ক’ভিড ভেকচিন লোৱাৰ পৰা হাত সাৰিবলৈ নদীত জাঁপ দিছে এখন গাঁৱৰ বাসিন্দাসকলে।

শুনিবলৈ আচৰিত লাগিলেও এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদশৰ বাৰাবাংকি নামৰ ঠাইখনত।

স্বাস্থ্যকৰ্মীসকলৰ এটা দলে গাওঁখনত ভেকচিন প্ৰদান কৰিবৰ বাবে প্ৰৱেশ কৰাৰ পাছতে গাঁওখনৰ লোকসকলে পাৰ্শ্বৱৰ্তী সৰয়ু নদীত জাঁপ দিয়ে।

স্থানীয় প্ৰশাসনে জনোৱা মতে, শনিবাৰে এই ঘটনাটো সংঘটিত হৈছে।

ভেকচিন কাৰ্যসূচীটোত গাঁওখনৰ মাত্ৰ ১৪ জন লোককহে ভেকচিন প্ৰদান কৰিব পৰা গ’ল।

গাঁওবাসীয়ে জনোৱামতে, তেওঁলোকে নদীত জাঁপ এইবাবেই দিছিল যে তেওঁলোকে জানিব পৰা মতে, এয়া ভেকচিন নাছিল, বৰঞ্চ মাৰাত্মক পয়জনৰ বেজীহে আছিল।

ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।