NORTHEAST NOW (Assamese)

গুৱাহাটীৰ জু ৰোডস্থিত মিডলেণ্ড হাস্পাতালক আজি চেনিটাইজ কৰিলে জিএমচিএ

April 5, 2020 4:15 pm · কল্পজ্যোতি শইকীয়া
Updated: April 5, 2020 4:48 pm

গুৱাহাটীৰ জু ৰোডৰ মিডলেণ্ড হাস্পাতালক চেনিটাইজ কৰিলে গুৱাহাটী মহানগৰ পৌৰ নিগমে।

সমগ্ৰ হস্পিতাল চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ক’ৰ’ণাত আক্ৰান্ত মনীষ তিব্ৰেৱাল এই হাস্পাতাল খনত চিকিৎসাৰ বাবে গৈছিল।

হাস্পাতাল খনৰ চিকিৎসক, নাৰ্ছ আৰু একাউনটেণ্টসহ ৬ জনক ইতিমধ্যে কোৱাৰাণ্টেইন কৰা হৈছে।

ইপিনে জানিব পৰা মতে মনীষ তিব্ৰেৱালৰ পত্নী আক্ৰান্ত হোৱা নাই ক’ৰ’ণাত। তেওঁক পৰীক্ষা কৰোৱা হৈছিল যদিও covid19 নিগেটিভ অহা বুলি জানিব পৰা গৈছে।

স্বাস্থ্য মন্ত্ৰীয়ে কালি জনোৱা অনুসৰি মুঠ ১১১ জন লোকৰ সংস্পৰ্শলৈ আহিছিল মনীষ। আটাইকেইগৰাকীক বৰ্তমান সৰুসজাই ষ্টেডিয়ামত কোৱাৰাণ্টেইনত ৰখা হৈছে।

মনীষৰ পৰিয়ালৰ লোকে স্বাস্থ্য বিভাগক তেওঁৰ সংস্পৰ্শলৈ অহা তথ্য যোগান ধৰাত অশেষ সহায় কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

Related News