NORTHEAST NOW (Assamese)

দুৰ্ভাগ্য: পিঞ্জৰাত তলা লগাবলৈ পাহৰি সিংহৰ চিকাৰ হ’ল চিৰিয়াখানাৰ সুৰক্ষা কৰ্মী

October 1, 2023 5:04 pm · এন ই নাও নিউজ, গুৱাহাটী

এক মৰ্মান্তিক ঘটনাৰ পৰিণতিত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে চিৰিয়াখানাৰ এগৰাকী সুৰক্ষা কৰ্মীয়ে। পিঞ্জৰাবদ্ধ এটা সিংহক খাদ্য দি দ্বাৰত তলা লগাবলৈ পাহৰি যোৱাৰ ফলত সিংহৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে সুৰক্ষা কৰ্মীগৰাকীয়ে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে জাপানত। জাপানৰ ফুকচিমাৰ টোহোকু ছাফাৰী পাৰ্কত সিংহৰ আক্ৰমণত এইদৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৫৩ বছৰীয়া চিৰিয়াখানাৰ সুৰক্ষা কৰ্মীগৰাকীয়ে।

চিৰিয়াখানাৰ একাংশ কৰ্মচাৰীয়ে কেনিচি কাটো নামৰ যুৱকজনক তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ কৰে। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় কাটোৰ।

প্ৰাথমিক তদন্ত অনুসৰি, কাটোৱে সিংহটোক খাদ্য দিয়াৰ পিছত পিঞ্জৰাৰ দ্বিতীয়খন দ্বাৰত তলা মাৰিবলৈ পাহৰি যায়। যাৰ ফলশ্ৰুতিত সিংহটোৰ চিকাৰ হ’ব লগা হয় কাটো।

চিৰিয়াখানাৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ ভাষ্য মতে, খাদ্য দিয়াৰ পিছত দুৱাৰখন বন্ধ কৰি তলা মাৰিব লাগে। কিন্তু কাটোক উদ্ধাৰ কৰাৰ সময়ত দুৱাৰখন খোলা আছিল বুলি তেওঁ উল্লেখ কৰে।

এই কাণ্ডৰ পিছতে সুৰক্ষা ব্যৱস্থাপনা উন্নত কৰাৰ বাবে চিৰিয়াখানাখন সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। চিৰিয়াখানা কৰ্তৃপক্ষই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি কাটোৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰে।

ভৱিষ্যতে এনেধৰণৰ দুৰ্ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে চিৰিয়াখানা কৰ্তৃপক্ষই।

Related News