NORTHEAST NOW (Assamese)

বসন্ত উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে বাংগালোৰত উপস্থিত জুবিন গাৰ্গ

April 13, 2019 12:58 pm · শশাংক তালুকদাৰ
Updated: April 13, 2019 1:00 pm

বাংগালোৰত থকা আছামিছ ছ’চাইটিয়ে প্ৰতিবছৰে আয়োজন কৰি অহাৰ দৰে চলিত বৰ্ষতো বিংশতম বসন্ত উৎসৱৰ আয়োজন কৰিছে। এইবাৰৰ বসন্ত উৎসৰ অন্যতম আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।

ইতিমধ্যে জুবিন গাৰ্গ বসন্ত উৎসৱত সংগীত পৰিবেশন কৰাৰ বাবে বাংগালোৰত উপস্থিত হৈছে। আজি নিশা জুবিনে বাংগালোৰত থকা অসমীয়া লোকসকলৰ আগত সংগীত পৰিবেশন কৰাৰ লগতে মত বিনিময়ো কৰিব।

বাংগালোৰত থকা অসমীয়া সকলৰ মাজত উপস্থিত হৈ জুবিনে তাত বাস কৰা অসমীয়া লোকসকলৰ বাবে এনেধৰণৰ উৎসৱৰ খুবেই প্ৰয়োজন বুলি কয়।

আনহাতে, উদ্যোক্তা সমিতিয়ে এইবাৰ বসন্ত উৎসৱৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীৰো আয়োজন কৰিছে। প্ৰদৰ্শনীত অসম, মেঘালয়, মণিপুৰ, অৰুণাচল, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ পৰম্পৰাগত খাদ্যসম্ভাৰ উপলব্ধ হোৱাৰ লগতে বিভিন্ন ধৰণৰ থলুৱা বাদ্যৰো প্ৰদৰ্শন কৰা হ’ব।

উল্লেখযোগ্য যে, ভাৰত বৰ্ষৰ অসমীয়া লোকে বাস কৰা এখন উল্লেখযোগ্য ঠাই হ’ল বাংগালোৰ। বিশেষকৈ অধ্যায়ন আৰু বৃত্তিৰ খাতিৰত হাজাৰ হাজাৰ অসমীয়া ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী বাংগালোৰত বাস কৰি আহিছে। উদ্যোক্তা সমিতিৰ এগৰাকী বিষয়ববীয়াই বিহুত অসমৰ নিজৰ ঘৰখনলৈ সময়ৰ অসুবিধাৰ বাবে যাব নোৱাৰা সকলোৱে যাতে বাংগালোৰতো বিহুৰ এটা বতৰ লাভ কৰে সেইবাবে বসন্ত উৎসৱ আয়োজন কৰি অহা হৈছে বুলি মন্তব্য কৰে।

Related News