NORTHEAST NOW (Assamese)

মৰণোত্তৰভাৱে বলীউডত অভিষেক হ’ব জুবিন গাৰ্গৰ: মুক্তি পাব ‘চক্ৰ’ , কি চৰিত্ৰত দেখা যাব তেওঁক?

September 23, 2025 12:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 23, 2025 1:32 pm

অসমৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ, অভিনেতা তথা পৰিচালক জুবিন গাৰ্গৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰাজ্য তথা দেশক । আজি পঞ্চভূতত বিলীন হ’ব ১৯ চেপ্টেম্বৰত ছিংগাপুৰত ৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। কেৱল অসমতে নহয়, সমগ্ৰ ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা লাখ লাখ অনুৰাগীয়ে শেষ শ্ৰদ্ধা জনাইছে প্ৰিয় শিল্পীগৰাকীয়ে। কি

যুগনায়ক হিচাপে সুঁৱৰা হ’ব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি যে মৰণোত্তৰভাৱে বলীউডত অভিনেতা হিচাপে অভিষেক হ’ব জুবিন গাৰ্গৰ। ‘চক্ৰ’ নামৰ এখন ৰাজনৈতিক থ্ৰিলাৰ ছবিত পৰিচালক আৰু মুখ্য অভিনেতাৰ চৰিত্ৰত দেখা যাব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক।  এই ছবিখনত প্ৰবীণ অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে মূল চৰিত্ৰত অভিনয় কৰিছে। জুবিন গাৰ্গৰ বিষয়ে কৈ ভিক্টৰে তেওঁক ‘এই মাটিৰ মহান পুত্ৰ’ বুলি অভিহিত কৰি কয় যে তেওঁলোকে শেহতীয়াকৈ এই ছবিখনৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিছে। “মই তেওঁক মিছ কৰিম। এক মহানায়কৰ বিয়োগ!”। ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়ালৈ ঘোষণা হোৱা নাই যদিও অতি সোনকালে মুকলি কৰা হ’ব বুলি আশা কৰা হৈছে।

জুবিন গাৰ্গৰ মৃত্যু এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। প্ৰথম অৱস্থাত স্কুবা ডাইভিং দুৰ্ঘটনাত মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল যদিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত্যুৰ প্ৰতিবেদন উদ্ধৃত কৰি জনায় যে জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ গৈ পানীত ডুবি শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱায়। ছিংগাপুৰত প্ৰকৃততে কেনেকৈ তেওঁ পানীত নামিলে, ডুবি যোৱাৰ সময়ত কিয় কোনেও উদ্ধাৰৰ চেষ্টা নকৰিলে এই প্ৰশ্নসমূহ অনুৰাগীসকলে উত্থাপন কৰিছে। সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্তৰ দাবী কৰিছে। আজি পুৱা পুনৰ তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়, ইয়াৰ পিছতে মৃত্যুৰ সন্দৰ্ভত অধিক স্পষ্টতা আহিব বুলি আশা কৰা হৈছে।

Related News