NORTHEAST NOW (Assamese)
Popular Stories

ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ উৰিল বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2025 8:07 pm

দিল্লী অভিমুখে ছিংগাপুৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানে লৈ আহিছে জুবিন গাৰ্গৰ নশ্বৰ দেহ। নিশা ১১.৫৫ বজাত বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব।

দিল্লীৰ পৰা বিশেষ চার্টাৰ্ড বিমানেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হ’ব। নিশা প্ৰায় ১ বজাত দিল্লীৰ পৰা গুৱাহাটীলৈ উৰিব বিমানখন আৰু পুৱতি নিশা ২.৩০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক এবাৰ চোৱাৰ হেঁপাহেৰে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হোৱালৈ অধীৰ অপেক্ষাআছে অসমবাসী