প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ ঘনিষ্ঠ মধ্য প্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ পৰলোকপ্ৰাপ্তি

default.aspx

লালজী টেণ্ডন। ফাইল ফটো

মধ্য প্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫বছৰ।

দীৰ্ঘদিন ধৰি ৰাজ্যপাল গৰাকী অসুস্থ হৈ আছিল আৰু লক্ষ্ণৌৰ মেদান্তা হাস্পাতলত তেওঁৰ চিকিৎসা চলি আছিল।

যোৱা নিশা লালজী টেণ্ডনৰ শৰীৰৰ অৱস্থাৰ অৱনতি ঘটে। সংকটজনক অৱস্থাত তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল।

মঙলবাৰে পুৱা ৫বাজি ৩৫ মিনিটত লালজী টেণ্ডনে শেষ নিশ্বাস ত্যাগ কৰে।

মধ্য প্ৰদেশৰ ৰাজ্যপালগৰাকীক যোৱা ১১জুনত শ্বাস-প্ৰশ্বাসত সমস্যা, জ্বৰ আৰু প্ৰস্বাৱৰ সমস্যাৰ বাবে লক্ষ্ণৌৰ মেদান্তা হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

লালজী টেণ্ডন অসুস্থ হৈ পৰাৰ পাছতে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলক মধ্য প্ৰদেশৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছিল।

১৯৩৫চনৰ ১২ এপ্ৰিলত লক্ষ্ণৌৰ চৌক গাঁৱত জন্মগ্ৰহণ কৰা লালজী টেণ্ডন ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল।

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত টেণ্ডনে কেইবাবাৰো বিধানসভা তথা বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল।

লালজী টেণ্ডন উত্তৰ প্ৰদেশত কল্যাণ সিঙৰ নেতৃত্বৰ আৰু বিএছপি-বিজেপি মিত্ৰজোঁট চৰকাৰত মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ শৰীৰ অসুস্থ পৰাৰ সময়ত লালজী টেণ্ডনক ২০০৯চনত লক্ষ্ণৌ লোকসভা আসনৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছিল।

উক্ত নিৰ্বাচনত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী ৰীতা বহুগুণা যোশীক পৰাজিত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল।

২০১৮চনৰ ২৩ আগষ্টত লালজী টেণ্ডন বিহাৰৰ ৰাজ্যপাল নিযুক্ত হয়। ইয়াৰ পাছতে ২০১৯চনৰ ২৯জুলাইত তেওঁক মধ্য প্ৰদেশৰ ৰাজ্যপাল নিযুক্তি দিয়া হৈছিল।