• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 11:18 am
79
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ কয় যে, ধৰ্মীয় আৱেগক আঘাত কৰা ভিডিঅ’ ফৰৱাৰ্ড কৰাৰ অৰ্থ এইটো নহয় যে কোনো ব্যক্তিক অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব পৰা।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ডিণ্ডোৰীৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অতিথি অধ্যাপক ডাঃ নসীম বানোক জামিন প্ৰদান কৰাৰ সময়তে আদালতে এই মন্তব্য কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত হোৱাটছএপ মেছেজ আৰু ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

১৩ জুনত দিয়া আদেশত ন্যায়াধীশ অবনীন্দ্ৰ কুমাৰ সিঙে কয়, কেৱল এটা সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত কৰিব পৰা বাৰ্তা আৰু ভিডিঅ’ ফৰৱাৰ্ড কৰাৰ ভিত্তিত এজন ব্যক্তিক অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰি।

জানিব পৰা মতে, যোৱা ২৮ এপ্ৰিলত ডিন্দোৰি থানাত দিপেন্দ্ৰ যোগী নামৰ এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰাৰ পাছতে ডাঃ বানোক গ্ৰেপ্তাৰ কৰিছিল। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছ), ২০২৩ৰ ১৯৬, ২৯৯ আৰু ৩৫৩(২) ধাৰাত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

ইয়াত অভিযোগ কৰা হৈছে যে অধ্যাপকগৰাকীয়ে এটা সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ লক্ষ্যৰে হোৱাটছএপ গ্ৰুপত কিছুমান পোষ্ট প্ৰচাৰ কৰিছিল, লগতে ‘নয়া ৰাৱণ’ শীৰ্ষক ভিডিঅ’ও প্ৰচাৰ কৰিছিল।

ড০ বানোৰ হৈ অধিবক্তা ঈশান দত্ত আৰু জ্যেষ্ঠ অধিবক্তা মনীষ দত্তই যুক্তি আগবঢ়ায় যে তেওঁ এগৰাকী শিক্ষিত মহিলা আৰু কোনো সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল।

জামিনৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তা ৰবীন্দ্ৰ শুক্লাই দাবী কৰে যে আৱেদনকাৰীয়ে ইচ্ছাকৃতভাৱে হোৱাটছএপ মেছেজ আৰু ভিডিঅ’টো ফৰৱাৰ্ড কৰি ধৰ্মীয় আৱেগক আঘাত হানিছে।

অৱশ্যে অধ্যাপকগৰাকীৰ বিৰুদ্ধে আন কোনো অপৰাধ পঞ্জীয়ন হোৱা নাই বুলিও তেওঁ কয়। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি গোচৰৰ ডায়েৰী পুনৰীক্ষণ কৰাৰ পিছত ন্যায়াধীশ সিঙে তথ্য আৰু পৰিস্থিতি বিবেচনা কৰি জামিন প্ৰদান কৰাটো উপযুক্ত বুলি বিবেচনা কৰে।

Recent News

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

নখ হালধীয়া হোৱা, বাৰে বাৰে ভাঙি যোৱা… কিয় এনে হয় জানো আহক

নখ হালধীয়া হোৱা, বাৰে বাৰে ভাঙি যোৱা… কিয় এনে হয় জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd