‘হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক মন্তব্যৰ ব্ৰেণ্ড এম্বেচাদৰ হ’ব বিচাৰিছে’, মাদ্ৰাছা ছাত্ৰ সন্থা

সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদ মেল

কালি ৰাজ্যৰ শিক্ষা বিত্ত গড়কপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ৫-৬ মাহৰ ভিতৰত ৰাজ্যৰ সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ চৌদিশে চলিছে মিশ্ৰিত প্ৰতিক্ৰিয়া।

কিছুসংখ্যকে এই ঘোষণাৰ সমৰ্থন কৰাৰ বিপৰীতে অন্য কিছুসংখ্যকে এই সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে।

মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতে সৰৱ হৈ পৰিছে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা। সন্থাৰ কেন্দ্ৰীয় সভাপতি মৌলানা ওয়াহিদুজ্জমানে মন্ত্ৰীগৰাকীৰ এই ঘোষণা সাম্প্ৰদায়িক আৰু উদ্দেশ্য প্ৰণোদিত আখ্যা দিয়ে।

‘হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। এই ঘোষণা সাম্প্ৰদায়িক আৰু আমি তীব্ৰ গৰিহণা দিছো।‘ নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় সভাপতিগৰাকীয়ে।

ইয়াৰোপৰি সমগ্ৰ অসমত কা বিৰোধী আন্দোলন চলি থকাৰ সময়তে ইয়াক কেনেকৈ বিফল কৰিব পাৰি বা সাম্প্ৰদায়িকভাৱে বিভাজন সৃষ্টি কৰিব পাৰি তাৰবাবে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে বুলিও ওয়াহিদুজ্জমানে মন্তব্য কৰে।

তেওঁৰ হুংকাৰ দি কয় যে, ‘সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা জীয়াই থকাৰ পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি যাম। এই সিদ্ধান্তৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম। আমি চৰকাৰীভাৱে কোনোধরণৰ নিৰ্দেশনা এতিয়ালৈকে পোৱা নাই। এই নিৰ্দেশনাৰ প্ৰতিলিপি পোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম।‘

‘২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ মুখত আপোনালোকে মুছলমান, মাদ্ৰাছা, বদৰুদ্দিন আজমল এনেকুৱা শব্দ কিছুমান শুনিবলৈ পাব।‘ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এইদৰে কয় ওয়াহিদুজ্জমানে।

তেওঁৰ মতে ‘উন্নয়ন আৰু পৰিৱৰ্তনত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। তেওঁলোকৰ হাতত অন্য একো ইচ্ছু নাই। সেয়েহে এনে ধৰণৰ বিভ্ৰান্তমূলক সিদ্ধান্ত লৈ আছে।‘

হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক মন্তব্যৰ ব্ৰেণ্ড এম্বেচাদৰ হ’ব বিচাৰিছে। ভোটৰ স্বাৰ্থত তেওঁ কেতিয়াবা মাদ্ৰাছাত গৈ কোৰাণ শ্বৰীফক বিশ্বৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থ বুলি কয়।