যি সময়ত সংস্থাপন নাপাই যুৱ-প্ৰজন্ম হতাশ হৈ পৰিছে, সেই সময়তে ভাৰতৰ যুৱকসকলক অধিক সক্ৰিয় তথা তেওঁলোকৰ মনত সজাগতাৰ লগতে উদ্দীপনাৰ সঞ্চাৰ কৰিবৰ বাবে সমগ্ৰ ভাৰততে ‘বিজয় লক্ষ্য-২০১৯, মহা বাইক ৰেলী’ অনুষ্ঠিত কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই।
আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি বাহিৰ কৰা এই বাইক ৰেলীৰ মধ্য প্ৰদেশৰ শ্বাহদলৰ পৰা কেন্দ্ৰীয়ভাৱে শুভাৰম্ভণি কৰে।
অসমতো আজিৰ দিনটোত অতি ধুমধামেৰে প্ৰত্যেকটো লোকসভা সমষ্টিতে বাহিৰ কৰা হয় বাইক ৰেলী। শিলচৰৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো দেখা গ’ল বাইক আৰোহী ৰূপত। তেওঁ নিজে বাইক চলাই শিলচৰ লোকসভা সমষ্টিৰ ‘মহা বাইক ৰেলী’ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
ইপিনে, শিলচৰৰ বিজেপি কৰ্মীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলে পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।
সমান্তৰালভাৱে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও বৰপেটা ৰ’ডৰ পৰা বাহিৰ কৰা বাইক ৰেলীত অংশগ্ৰহণ কৰে।
তদুপৰি, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ পৰা ডেৰ লক্ষাধিক বাইক আৰোহীয়ে আজিৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে।
মন কৰিব লগীয়া যে, প্ৰত্যেকটো বিধানসভা সমষ্টিৰ পৰা কমেও ১০০০ বাইক আৰোহীয়ে অংশগ্ৰহণ কৰিলে বাইকত তেল ভৰোৱাৰ বাবদ খৰচ হ’ব বহু লক্ষাধিক টকা। এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি একো-একোখন বাইকত তেল ভৰোৱাৰ বাবদ ২০০ টকাৰ পৰা ৫০০ টকা পৰ্য্যন্ত খৰচ কৰা হৈছিল দলৰ পৰা।
বিজেপি যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে দাবী কৰাৰ দৰে যদি ডেৰ লক্ষাধিক বাইকত আজিৰ দিনটোত তেল ভৰাবলৈ দিয়া হৈছিল তেন্তে ৩ কোটিৰ পৰা ৫ কোটি টকা খৰচ হ’ল ‘মহা বাইক ৰেলী’ৰ বাবদ।