শীঘ্ৰেই ইতিহাস হোৱাৰ পথত উত্তৰ পূৱ ভাৰতৰ জনপ্ৰিয় মহাবাহু চাৰ্কাছ

কাল কৰোনাত স্তব্ধ জীৱন আৰু জীৱিকা

a circus11

৩৮ বছৰীয়া এটা দীঘলীয়া পৰিক্ৰমা৷ প্ৰিয় কুমাৰ নাথ নামৰ এগৰাকী সংস্কৃতিক কৰ্মীৰ অক্লান্ত  শ্ৰম আৰু গভীৰ সাধনা বলত ১৯৮২ চনত গোৱালপাৰাৰ বগুৱানত জন্ম লাভ কৰিছিল মহাবাহু চাৰ্কাছে৷

মহাবাহু চাৰ্কাছ বুলি কলে অসমতইয়াৰ নাম  নজনা মানুহ চাগে  নাই৷

অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ লগতে পশ্চিম বংগ আৰু বিহাৰতো সমানে জনপ্ৰিয়তা লভিছিল অসমৰ মহাবাহু চাৰ্কাছে ৷

  জীৱন- মৃত্যুৰে খেল খেলি এওঁলোকে আমাক চাৰ্কাছ দেখুৱায় ,আমিও  চকু থৰ কৰি চাই যাও এওঁলোকৰ চাৰ্কাছ ৷

কোনোৱাই বাঃহ বাঃহ দিয়ে আন কোনোবাই প্ৰসংশাৰে উপচাই পেলায় ৷

কিন্ত পৰৱৰ্তী সময়ত আমি এওঁলোকৰ কথা মনত ৰাখো নে ? মানুহক মনোৰঞ্জনৰ     খোৰাক জগোৱা জনপ্ৰিয় এই মহাবাহু চাৰ্কাছৰ এতিয়া  টান নৰিয়া ৷

চাৰ্কাছ খনে সকলোৰে সন্মুখতে মৃত্যুৰ ক্ষণ গণিছে গোৱালপাৰাৰ আগিয়াত ৷

লকডাউনৰ আৰম্ভণিৰ সময়ছোৱা কথা,  মাৰ্চ মাহত মহাবাহু চাৰ্কাচ আৱদ্ধ হৈ পৰে চৰাইদেউ জিলাৰ মৰাণত ৷

চাৰ্কাছ প্ৰদৰ্শনৰ বাবে পেণ্ডেল সজাইছিল মাত্ৰ,  আৰম্ভ  হৈছি লকডাউন আৰু এই লকডাউনত এশ জনীয়া চাৰ্কাছৰ পৰিয়ালটো তিনিমাহ ধৰি চৰাইদেউৰ  মৰাণত থাকি এক প্ৰকাৰ দেউলীয়া হৈ পৰিল ৷

খোৱাৰ হাহাকাৰ , আহিবলৈ কোনো সুবিধা নাই ৷ তিনি মাহত মালিক প্ৰিয় কুমাৰ নাথৰ হাত খালী হোৱাত এক হাহাকাৰ ময় পৰিবেশৰ সৃষ্টি হয়। মহাবাহু চাৰ্কাছৰ এই অৱস্থা দেখি সেই সময়ত একাংশ শুভাকাংক্ষীয়ে সামাজিক মাধ্যমৰ যোগেদি চৰকাৰক চাৰ্কাছ দলটোক উদ্বাৰৰ আহ্বান জনায় ।অৱশেষত  চৰাইদেউ আৰু গোৱালপাৰা  প্ৰশাসনৰ সহযোগত মহাবাহু চাৰ্কাছৰ দলটোক গোৱালপাৰাৰ আগিয়ালৈ লৈ আনে৷

এতিয়া আগিয়াত মৃত্যুৰ ক্ষণ গণিছে মহাবাহু চাৰ্কাছে ৷

 লকডাউন দীঘলীয়া হল আৰু এটা সময়ত শিল্পীসকল ঘৰমুৱা হল৷

চলাৰ কোনো ৰাস্তা নাই৷ একাংশই দিন হাজিৰা কৰিছে আন কোনোবাই চানা বিক্ৰী কৰিছে৷ জীয়াই থকাৰ   পথ নেদেখা হ’ল শিল্পী-কলা -কুশলীয়ে ৷মালিক প্ৰিয় কুমাৰ নাথৰ অৱস্থা তথৈৱচ ,শিল্পী  সকলোকক চলাব কেনেকৈ ?

এতিয়া সকলোৰে চকুৰ সন্মুখতে জহি খহি গৈছে চাৰ্কাছৰ সা সামগ্ৰী বোৰ ৷ মহাবাহুৰ মালিক প্ৰিয় কুমাৰ নাথৰ আহ্বান চৰকাৰৰ  সহযোগ অবিহনে  এতিয়া মহাবাহু চাৰ্কাছে নতুন জীৱন লাভ কৰাটো এক প্ৰকাৰ অসম্ভৱ ৷

চৰকাৰ খনে মহাবাহু চাৰ্কাছৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে  উত্তৰ পূৱ ভাৰতৰ জনপ্ৰিয়   চাৰ্কাছ দলটো ইতিহাস হবলৈ আৰু বেছি পৰ নালাগিব ৷