দ্বিতীয় বৈকুন্ঠপুৰীলৈ পৰিণত কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোসাঁই থান

দ্বিতীয় বৈকুন্ঠপুৰীলৈ পৰিণত কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোসাঁই থান।

গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মূখৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত কলিয়াবৰ।

ভকত-বৈষ্ণৱেৰে উদুলি-মুদুলি আজি শ্ৰীশ্ৰী বালিসত্ৰ থান।

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩সংখ্যক আৱিৰ্ভাৱ তিথি।

ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰৰ লগতে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোসাঁই থানতো গুৰুজনাৰ জন্মজয়ন্তী ভাগ প্ৰতিবছৰৰ দৰে এইবাৰও দুদিনীয়াকৈ পালন কৰা হৈছে।

কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে শ্ৰীশ্ৰী বালিসত্ৰ বামন গোসাঁই থানত নাম-প্ৰসংগ¸হৰিনামৰে গুৰুজনাৰ আৰ্ৱিভাৱ মহোৎসৱ পালন কৰাৰ লগতে ধৰ্মালোচনী সভা, দিহানাম প্ৰতিযোগিতা, ৫৭৩ গচি বন্তি প্ৰজ্বলনৰ লগতে ভাওনা প্ৰদৰ্শনৰো আয়োজন কৰা হৈছে।

মহাপুৰুষজনাৰ জন্মজয়ন্তী উপলক্ষে শ্ৰী শ্ৰী বালিসত্ৰৰ বামন গোসাঁই থানত সেৱা ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।