ক্ষমতাই মূৰত ধৰিছে! ভূমি বিবাদক লৈ থানাৰ ভিতৰতে মিত্ৰজোঁটৰ নেতাক গুলীয়ালে বিজেপি বিধায়কে!

ফটোঃ সংগ্ৰহীত।

শাসক বিৰোধীৰ সংঘাত সাধাৰণ কথা। কিন্তু মিত্ৰজোঁটৰ সৈতে হোৱা বিবাদৰ বাবে এনে ভয়ানক ঘটনা সহজে নঘটে। খঙত তিঙিৰি তুলা হৈ এজন নেতাই  গুলীচালনা কৰিলে আন এজন নেতাক। তাকো থানাৰ ভিতৰতে এই ঘটনা! এজন বিজেপি বিধায়কৰ বিৰুদ্ধে উঠিছে এই অভিযোগ।

মহাৰাষ্ট্ৰত একনাথ শিণ্ডেৰ শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰে। কিন্তু সময়ৰ লগে লগে শাসকীয় মিত্ৰজোঁটৰ মাজত সংঘাত বাঢ়িছে। অৱশেষত এইবাৰ বিবাদ ৰক্তাক্ত সংঘাতলৈ পৰিণত হ’ল।

শুকুৰবাৰে নিশা মহাৰাষ্ট্ৰৰ উলহাছনগৰত বিজেপি বিধায়ক গণপত গাইকোৱাডে শিৱসেনাৰ নেতা মহেশ গাইকোৱাডক গুলীয়ায়।

লগতে পঢ়কঃ হিমাচলত প্ৰসাধন কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডঃ আৱদ্ধ বহু কৰ্মী

বাতৰি অনুসৰি, এটুকুৰা মাটিক লৈ দুয়োপক্ষৰ মাজত বিবাদ হৈছিল। বিজেপি আৰু শিৱসেনাৰ নেতা হিল লাইন আৰক্ষী থানালৈ গৈ আৰক্ষীক অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ সমৰ্থকসকলো তেওঁলোকৰ লগত আছিল।

আৰক্ষী বিষয়াক অভিযোগ দিবলৈ কেবিনত প্ৰৱেশ কৰাৰ সময়তো দুয়োজন নেতাৰ মাজত কাজিয়া আৰম্ভ হ’ল। বিজেপি বিধায়কগৰাকীয়ে হঠাতে খঙত নিয়ন্ত্ৰণ হেৰুৱাই শিৱসেনাৰ নেতা মহেশ গাইকোৱাডৰ ওপৰত চাৰি  ৰাউণ্ড গুলীচালনা কৰে। মহেশ গাইকোৱাডক গুলীত আহত হয়। কাষতে থিয় হৈ থকা শিৱসেনাৰ বিধায়ক ৰাহুল পাটিলো আহত হয়।

থানাৰ ভিতৰতে গুলীচালনাৰ ঘটনাত সকলোৱে স্তম্ভিত হৈ পৰে। লগে লগে আহত শিৱসেনাৰ নেতা দুজনক উদ্ধাৰ কৰি উলহাছনগৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত মহেশ গাইকোৱাডৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে নিশা প্ৰায় ১১ বজাত তেওঁক থানেৰ আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। সম্প্ৰতি তেওঁৰ অৱস্থা সংকটজনক।

লগতে পঢ়কঃINDIA অতীত! ক্ষোভিত মমতাই ক’লে, কংগ্ৰেছে ৪০খন আসন পাবনে সন্দেহ!

আনহাতে, গুলীচালনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি বিধায়কগৰাকীক। তেওঁৰ বন্দুকটোও জব্দ কৰা হৈছে।

শিৱসেনাৰ নেতাগৰাকীৰ ওপৰত হোৱা গুলীচালনাৰ ফলত চহৰখনত উত্তেজনা বিয়পি পৰে। শিৱসেনাৰ সমৰ্থকসকলে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিছে।