এইবাৰ মহাৰাষ্ট্ৰ : মহাৰাষ্ট্ৰৰ পৰা দিল্লীৰ কৃষক বিক্ষোভলৈ দুচকীয়া বাহনেৰে হাজাৰ হাজাৰ কৃষকৰ যাত্ৰা

index.jpg

দিল্লীৰ কৃষক বিভোক্ষত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এইবাৰ মহাৰাষ্ট্ৰৰ পৰা বৃহৎ সংখ্যক কৃষকে দিল্লী অভিমুখে ৰাওনা হৈছে।

আজি দুপৰীয়া মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা ৫০০০ৰো অধিক কৃষকে দিল্লীৰ সীমান্তত বিগত ২৫ দিনৰো অধিক দিন নিৰন্তৰ বিক্ষোভ প্ৰদৰ্শন কৰি থকা বিদ্ৰোহী কৃষকসকলৰ সৈতে চামিল হ’বলৈ যাত্ৰা আৰম্ভ কৰিছে।

অৱশ্যে ইয়াৰ ২ হাজাৰ কৃষকক দিল্লীৰ অভিমুখে আগবঢ়াই অৰ্ধেক সংখ্যকে মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ সীমান্তৰ পৰা পুনৰ গৃহাভিমুখে ওভতি যাব।

সোমবাৰে(আজি) দুপৰীয়া ১.৩০ বজাত সৰ্ব ভাৰতীয় কিষাণ সভা(AIKS)ৰ ফ্লেগ অফ কৰি মহাৰাষ্ট্ৰৰ কৃষকসকলে নাছিকৰ পৰা দুচকীয়া বাহনেৰে দিল্লী অভিমুখে ৰাওনা হৈছে।

মহাৰাষ্ট্ৰৰ ২০ খন জিলাৰ কৃষকসকলে একত্ৰিত হৈ যাত্ৰা আৰম্ভ কৰা কৃষকৰ বৃহৎ দলটোৱে বিয়লি ৩ বজাত মহাৰাষ্ট্ৰৰ সীমান্ত অতিক্ৰম কৰিছে।

এই বিদ্ৰোহী কৃষকসকলে নাছিকৰ পৰা ১,২৬৬ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ২৪ ডিচেম্বৰত দিল্লীৰ সীমান্তৱৰ্তী কৃষকসকলৰ সৈতে চামিল হোৱাৰ কথা।

“দুচকীয়া বাহনৰ কৃষক সমদলটোৱে বৃহৎ সংখ্যক জনতাৰ উপস্থিতিত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ১.৩০ বজাত নাছিকৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। এই সমদলত ৫ হাজাৰৰো অধিক কৃষকে অংশগ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ সীমান্তৰ লৈকে আমাক বহু কৃষকে আগবঢ়াই যাব আৰু তাৰ পৰা আমি ২ হাজাৰ কৃষকে দিল্লীৰ কৃষক বিক্ষোভলৈ যাম।” AIKSৰ সভাপতি অশোক ধৱালে সংবাদ মাধ্যমৰ আগত কয়।

ধৱালে লগতে কয় “চৰকাৰে প্ৰপাগণ্ডা উলিয়াইছে যে কেন্দ্ৰই প্ৰণয়ন কৰা নতুন কৃষি আইন তিনিখন কেৱল পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে বিৰোধ কৰিছে। চৰকাৰী এই প্ৰপাগণ্ডা অসত্য বুলি প্ৰমাণ কৰিবলৈ মহাৰাষ্ট্ৰৰ পৰা হাজাৰ হাজাৰ কৃষকে দিল্লী কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰিবলৈ উলাইছে।”