Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক।

মুম্বাই: Maharashtra New Govt মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত একনাথ সিন্দেই বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে তেওঁক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিছে।

সেয়ে, শনিবাৰ আৰু দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰা হৈছে।

জানিব পৰা মতে, দুদিনীয়া বিশেষ অধিৱেশনৰ প্ৰথম দিনা অধ্যক্ষ নিৰ্বাচিত কৰা হ’ব। কংগ্ৰেছৰ নানা পাটোলেৰ পদত্যাগৰ পিছৰে পৰা মহাৰাষ্ট্ৰ বিধানসভাত অধ্যক্ষৰ পদটো খালী হৈ আছে।

একনাথ সিন্দেই বৃহস্পতিবাৰে সন্ধিয়া ৰাজভৱনত মহাৰাষ্ট্ৰৰ ২০ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তাৰপিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

ফাড়নাৱিছে বৃহস্পতিবাৰে আবেলি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে সিন্দেৰ নাম ঘোষণা কৰিছিল। তেওঁ এইটোও কৈছিল যে তেওঁ নতুন চৰকাৰত অংশগ্ৰহণ নকৰে।

কিন্তু তাৰ অলপ পিছতে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই কৈছিল যে ফাড়নাৱিছক উপ মুখ্যমন্ত্ৰী কৰা হ’ব। তেওঁ এইটোও কৈছিল যে তেওঁৰ অনুৰোধ ৰক্ষা কৰি ফাড়নাৱিছে অৱশেষত সিন্দেৰ সহকাৰী (ডেপুটি) হ’বলৈ সন্মত হৈছে।

ইপিনে, মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰাৰ পিছত সিন্দে কৈছিল, “বালাচাহেবৰ হিন্দুত্বৰ কথা মনত ৰাখি আমি এই সিদ্ধান্ত লৈছো। আমাৰ বিধায়কসকলে তেওঁলোকৰ নিজ নিজ কেন্দ্ৰত উন্নয়নমূলক কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।‘’

আনহাতে, ফাড়নাৱিছৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি সিন্দেৰ মন্তব্য, “বিজেপিৰ ১২০ জন বিধায়ক আছে। তাৰ পাছতো ফাড়নাৱিছে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰা নাই। মই তেওঁৰ প্ৰতি কৃতজ্ঞ। মই প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ ওচৰতো কৃতজ্ঞ।”