NORTHEAST NOW (Assamese)

গুলেন-বেৰি চিনড্ৰমৰ বাবে মহাৰাষ্ট্ৰত প্ৰথমটো মৃত্যু! পুনেত ১০১জন লোক আক্ৰান্ত হোৱাৰ দাবী

January 27, 2025 1:33 pm · এন ই নাও নিউজ, গুৱাহাটী

ক’ভিডৰ পৰৱৰ্তী সময়ত একাধিক ৰোগক লৈ উদ্বেগ বাঢ়িছে। গুলেন-বেৰি চিনড্ৰম ইয়াৰ ভিতৰত অন্যতম। এই স্নায়ুজনিত ৰোগৰ প্ৰাদুৰ্ভাৱক লৈ বহুদিনৰ আগৰ পৰাই আশংকা দেখা গৈছিল। এইবাৰ পুনেৰ ঘটনাক লৈ উদ্বেগ আৰু বাঢ়িছে। ইফালে মহাৰাষ্ট্ৰত এই ৰোগত আক্ৰান্ত হৈ প্ৰথমজন ব্যক্তিৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।

মহাৰাষ্ট্ৰৰ সোলাপুৰত এজন ৪০ বছৰীয়া লোকৰ মৃত্যু হৈছে। ডায়েৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ লগতে তেওঁ কাহ আৰু চৰ্দিতো ভূগিছিল। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক আই চি ইউলৈ বদলি কৰা হয়। তাতেই তেওঁৰ মৃত্যু হয়।

চিকিৎসকে কয় যে ৰোগীজনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত তেওঁৰ মৃত্যুৰ প্ৰধান কাৰণ গুলেন-বেৰি চিনড্ৰম বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে মৃত লোকজনৰ অন্তঃস্থলীৰ নমুনা, তেজ, মগজু আৰু অন্ত্ৰৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ১৫ দিনৰ পিছত যেতিয়া প্ৰতিবেদন আহিব তেতিয়া মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।

পুনেত গুলেন-বেৰি চিনড্ৰমক লৈ আশংকা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। কাৰণ যোৱা ২৪ ঘন্টাত আৰু ২৮ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। মুঠতে মহানগৰীখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৰ্তমান ১০১ জন। সাধাৰণতে প্ৰতিমাহে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ২ জন ধৰা পৰে। তাৰ তুলনাত ১০১ সংখ্যাটোৱে যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে।

বৰ্তমান আক্ৰান্তৰ ভিতৰত ১৬ জন ভেন্টিলেটৰ ছাপোৰ্টত আছে। আক্ৰান্তসকলৰ ভিতৰত ১৯ জন ৯ বছৰৰ তলৰ। ৫০-৮০ বছৰৰ ভিতৰৰ ২৩ জন লোক। পৰীক্ষাত দেখা গৈছে যে তেওঁলোকৰ সকলোৰে শৰীৰত কেম্পাইল’বেক্টেৰ জেজুনি বেক্টেৰিয়া আছে, যিটো গুলেন-বেৰি চিনড্ৰমৰ কাৰণ।

এই ৰোগক লৈ সাধাৰণ ৰাইজৰ ভয় দূৰ কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে আৰম্ভ কৰিছে সতৰ্কতামূলক অভিযান। ৰাজ্যৰ বিত্তমন্ত্ৰী অজিত পাৱাৰে চৰকাৰী চিকিৎসালয়ত এই ৰোগত আক্ৰান্তসকলৰ চিকিৎসা বিনামূলীয়া হ’ব বুলি ঘোষণা কৰিছে। এই ৰোগৰ চিকিৎসা যথেষ্ট ব্যয়বহুল। ৰোগীক এক প্ৰকাৰৰ বেজীৰ প্ৰয়োজন হয় যাৰ প্ৰতিটো বেজীৰ দাম ২০ হাজাৰ টকা।

Related News