NORTHEAST NOW (Assamese)

বিয়েৰৰ কেনত মহাত্মা গান্ধীৰ ছবি! ইণ্টাৰনেটত তুমূল বিতৰ্ক

February 15, 2025 7:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 15, 2025 7:43 pm

বিয়েৰৰ কেনত মহাত্মা গান্ধীৰ ছবি! যাৰ ফলত ৰাছিয়াৰ এটা ৱাইন নিৰ্মাণ কোম্পানীয়ে নিশাটোৰ ভিতৰতে বিতৰ্কৰ মাজত সোমাই পৰিছে। সুপৰ্ণা সতপতি নামৰ ওড়িশাৰ এগৰাকী নেতাই নিজৰ ছচিয়েল মিডিয়াত বিয়েৰৰ কেনৰ ছবি পোষ্ট কৰে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হল বিতৰ্ক।

অৱশ্যে ওড়িশাৰ নেতাজন ইয়াতেই ক্ষান্ত নাথাকিল। ৰাছিয়াৰ সুৰা কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপৰো দাবী জনাইছে। এই সন্দৰ্ভত ৰাছিয়া চৰকাৰৰ সৈতেও আলোচনা কৰিবলৈ অনুৰোধ জনায়।

সুপৰ্ণা সতপতিয়ে কয় যে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক অনুৰোধ কৰিম যে তেওঁৰ বন্ধু ভ্লাদিমিৰ পুটিনৰ সৈতে এই বিষয়ত আলোচনা কৰক।

ওড়িশাৰ এজন বাসিন্দাই আৰু অভিযোগ কৰে যে এই ৰাছিয়ান ৰেট্ৰ বিয়েৰৰ কেন ভাৰতীয় প্ৰবাসীৰ হাতত দেখা যায়। য’ত আছে মহাত্মা গান্ধীৰ ছবি।

অৱশ্যে ৰাছিয়াৰ বিয়েৰ নিৰ্মাতা কোম্পানী ৰিঅৰ্টৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই।

Related News