ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান এটা অপ্ৰকাশিত সত্য হ’ল চলিত বিশ্বকাপ প্ৰতিযোগিতাৰ শেষৰখন খেল হয়তো মহেন্দ্ৰ সিং ধোনীৰ বাবে ভাৰতীয় দলৰ জাৰ্চিত শেষৰখন খেল হ’ব।
যদিহে ভাৰতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ১৪ জুলাইত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত ভাৰতে বিশ্বকাপ জয় কৰে তেতিয়াহ’লে এয়া হ’ব ভাৰতীয় ক্ৰিকেটৰ এগৰাকী মহান ক্ৰিকেটাৰক বিদায় জনোৱাৰ বাবে শ্ৰেষ্ঠ সময়।
বি চি চি আইৰ এগৰাকী বিষয়াই পি টি আইৰ আগত মত প্ৰকাশ কৰি কয় ‘মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে কোনোধৰণৰ পূৰ্বানুমান কৰা অসম্ভৱ’। হয়তো ধোনীয়ে বিশ্বকাপৰ পাছত আৰু ভাৰতীয় দলৰ হৈ খেলি নাথাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে ধোনীয়ে ক্ৰিকেটৰ তিনিটা সংস্কৰণৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ সময়তো হঠাৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বৰ্তমানৰ দল নিৰ্বাচন সমিতিখনৰ কাৰ্য্যকাল অক্টোৱৰ মাহত সামৰণি পৰিব কিন্তু অহা বছৰ অষ্ট্ৰেলিয়াত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে তেওঁলোকৰ ক্ষমতা পুনৰ বাহাল ৰখাৰ সম্ভাৱনা আছে।
আনহাতে, যদিহে নতুন সমিটিক দায়িত্বভাৰ অৰ্পন কৰা হয় তেনেহ’লে তেওঁলোকে টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্যৰাখি এটা যুৱ দল গঠন কৰাৰ সম্ভৱনা আছে।
ভাৰতে বিশ্বকাপৰ ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰাৰ সময়ত দল নিৰ্বাচক সমিতি অথবা বি চি চি আয়ে কোনোধৰণৰ বিতৰ্কিত মন্তব্য কৰিব বিছৰা নাই।
চলিত বিশ্বকাপ প্ৰতিযোগিতাত ধোনীয়ে সাতখন খেলত ৯৩ ত কৈও অধিক ষ্ট্ৰাইক ৰেটেৰে মুঠ ২২৩ ৰাণ সংগ্ৰহ কৰিছে। কিন্তু ষ্ট্ৰাইক ৰেট ভাল হ’লেও ধোনীয়ে ষ্ট্ৰাইক ৰেট সলনি কৰাত কিছু পৰিমানে ব্যৰ্থ হৈছে।
ধোনীৰ প্ৰদৰ্শনক সমালোচনা কৰি বহুতে তেওঁৰ খেলৰ প্ৰতি থকা মানসিকতা সলনি হোৱা বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ মাৰমুখি বেটিঙেৰে খেল সমাপ্ত কৰিব পৰা বৰ্তমানৰ ক্ষমতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে।
ভাৰতী ক্ৰিকেটৰ মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীয়েও ইংলেণ্ডৰ বিৰুদ্ধে ধোনীৰ খেলক সমালোচনা কৰিছে। কিন্তু দল নিৰ্বাচক সমিতিয়ে কোনোক্ষেত্ৰতে ধোনীক বিশ্বকাপৰ মাজত দলৰ পৰা মূল একাদশত তেওঁক খেলিবলৈ নিদিয়াকৈ থাকিব দিব নোৱাৰে।
ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে কয় যে ভাৰতীয় দল নিৰ্বাচন সমিতিয়ে ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ পাছতে ধোনীক ২০১৯ চনৰ বিশ্বকাপলৈ অভিজ্ঞতাৰ ভিত্তিত দলত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
‘ধোনীক কোনোৱে অৱসৰ গ্ৰহণ কৰাৰ বিষয়ে ক’ব নোৱাৰে, তেওঁ যেতিয়াই অৱসৰ গ্ৰহণৰ বাবে সময় সঠিক বুলি ভাবিব তেতিয়াই নিজে অৱসৰ গ্ৰহণ কৰিব’ আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ সিদ্ধান্তত এনেদৰে কয়।