বিজেপি নেতাক প্ৰহাৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত ছাহিৰ

tinsukia-bjp-attack-

মূল অভিযুক্ত ছাহিৰ হুছেইন। ফটো : নিউজ ১৮ নৰ্থ-ইষ্ট

যোৱা ৩০ জানুৱাৰিত তিনিচুকীয়া জিলাৰ বিজেপি সভাপতি লক্ষেশ্বৰ মৰাণক শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তজনক আজি তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এটা অভিযানকাৰী দলে জিলাখনৰ বৰপথাৰ অঞ্চলত অভিযান চলাই ঘটনাৰ সৈতে জড়িত যুৱকজনক আটক কৰে। আটকাধীন যুৱকজন বৰপথাৰৰ নিবাসী ছাহিৰ হুছেইন বুলি চিনাক্ত কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৱা ৩০ জানুৱাৰিত একাংশ দল-সংগঠনে তিনিচুকীয়া চহৰত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে জিলাখনৰ বিজেপি সভাপতিগৰাকীক একাংশ উন্মত্ত প্ৰতিবাদকাৰীয়ে বেয়াকৈ মাৰধৰ কৰিছিল।

এটা অনুষ্ঠানত অংশ ল’বলৈ গৈ থাকোতেই বিজেপি সভাপতিগৰাকীক প্ৰতিবাদকাৰীসকলে প্ৰথমে ক’লা পতাকা প্ৰদৰ্শন কৰে আৰু পাছত একাংশই নেতাগৰাকীৰ ওপৰত শাৰিৰীক আক্ৰমণ চলাই। উক্ত ঘটনাত বেয়াকৈ আহত হোৱা বিজেপি সভাপতিগৰাকীয়ে পাছত তিনিচুকীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে তিনিচুকীয়া কাণ্ডৰ পূৰ্বে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত বিধেয়ক বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি থকা আছুৰ একাংশ সদস্যক বিজেপি কৰ্মীয়ে মাৰধৰ কৰাৰ লগতে তিনিজন আছু সদস্যক নলবাৰী জিলাৰ বিজেপি সভাপতি বনদ্বিপ ডেকাৰ নেতৃত্বৰ এটা দলে থানাৰ ভিতৰত সোমাই প্ৰহাৰ কৰাৰ প্ৰতিশোধ হিচাপেই তিনিচুকীয়া কাণ্ড সংঘটিত হোৱা বুলি একাংশ সচেতন লোকে মন্তব্য কৰিছিল।

ইফালে তিনিচুকীয়া কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তক আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে নলবাৰী কাণ্ডৰ মূল অভিযুক্ত কিশোৰ দাসৰ লগতে জিলা সভাপতি বনদ্বিপ ডেকাক প্ৰমাণ থকাৰ পিছতো কিয় এতিয়াও আৰক্ষীয়ে আটক কৰা নাই সেয়া ৰহস্যৰ আৱৰ্তত বুলি মন্তব্য কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই।

তদুপৰি ঘগ্ৰাপাৰ কাণ্ডৰ প্ৰতিবাদ জনাই নলবাৰী জিলা আছুৰ উদ্যোগত অহা ৭ ফেব্ৰুৱাৰিত ঐতিহাসিক গৰ্ডন খেলপথাৰত গণ বিক্ষোভ কাৰ্যসূচীৰ আয়োজন কৰিছে।