NORTHEAST NOW (Assamese)

চুলাই ট্ৰেজেডি : মাজুলীত লালিগুড়ৰ বিক্ৰীত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ

February 26, 2019 1:37 pm · মিটু খাটনিয়াৰ
ফটো : নৰ্থ-ইষ্ট নাও

জনস্বাস্থ্যৰ প্ৰতি ব্যাপক ভাবুকিৰ সৃষ্টি কৰা আৰু সামাজিক পৰিবেশ বিঘ্নিত নোহোৱাৰ স্বাৰ্থত মাজুলী জিলাত লালিগুড়ৰ বিক্ৰী নিষিদ্ধ কৰিছে মাজুলী জিলা প্ৰশাসনে। মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ চিন্ময় নাথে আজি ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা এক আদেশৰ জৰিয়তে এই নিষেধাজ্ঞা আৰোপ কৰে।

অতিৰিক্ত জিলা দণ্ডাধীশ গৰাকীৰ আদেশটোত উল্লেখ কৰা হৈছে যে, মাজুলী জিলাতো একাংশ লোকে অবৈধ সুৰা প্ৰস্তুতৰ বাবে বিষাক্ত লালিগুড় ক্ৰয় কৰা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। এনে বিষাক্ত লালিগুড় খোৱাৰ অনুপযোগী হোৱাৰ লগতে ই জিলাখনত জনস্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। সেয়ে ইয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখ্য যে অতিৰিক্ত জিলা দণ্ডাধীশ নাথে তাৎক্ষণিকভাৱে সমগ্ৰ মাজুলী জিলাতে বলৱৎ হোৱাকৈ জিলা প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে লালিগুড়ৰ ক্ৰয়-বিক্ৰয় আৰু মজুতকৰণৰ ওপৰত সম্পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰি এই আদেশ জাৰি কৰে।

ইফালে এই নিষেধাজ্ঞা উলংঘন কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদেশটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই নিষেধাজ্ঞা জিলাখনত বাহাল থাকিব।

Related News