আজি মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন

Panchayat

প্ৰতিনিধিত্বমূলক ছবি

আজি অন্তিম দিনা মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰতিনিধি সকলে দাখিল কৰে। মাজুলী জিলাৰ অন্তৰ্গত নৱগঠিত মাজুলী জিলা পৰিষদৰ সদস্য পদৰ ৪খন আসনৰ লগতে মাজুলী আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ২০খন আসন, ২০খন গাঁও পঞ্চায়তৰ সভাপতি পদ আৰু ২০০টা ৱাৰ্ড সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।
উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা নিৰ্বাচনী জাননী অনুসৰি জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি আসনৰ বাবে প্ৰাৰ্থী তথা সমৰ্থকে উপায়ুক্তৰ কাৰ্যালয়ত যোৱা ৫ নৱেম্বৰৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি আজি অন্তিম দিনা নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।
একেদৰে গাঁও পঞ্চায়তৰ সদস্যৰ আসনৰ প্ৰাৰ্থী তথা সমৰ্থকে মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ ক্ষেত্ৰত মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ ক্ষেত্ৰত উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।
জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ কালিলৈ পুৱা ১০.৩০ বজাত উপায়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা কৰা হ’ব। সেইদিনা একে সময়তে গাঁও পঞ্চায়ত সদস্যৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ পৰ্ব সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সম্পন্ন কৰা হ’ব। আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু সময় হৈছে অহা ১৯ নৱেম্বৰৰ বিয়লি ৩-০০ বজা।
উল্লেখ্য যে, মাজুলী জিলা পৰিষদৰ ৪, আঞ্চলিক পঞ্চায়তৰ ২০, গাঁও পঞ্চায়ত সভাপতিৰ ২০ আৰু ২০০ ৱাৰ্ড সদস্য আসনৰ বাবে  নিৰ্বাচন অনুষ্ঠিত হ’ব।।