মাজুলীত গীৰ্জা ভঙা গোচৰত দোষী সাব্যস্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে আজি মাজুলীত গীৰ্জা ভঙা গোচৰত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায়দান দিয়ে।

মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে সত্ৰাধিকাৰ গোস্বামীক উক্ত গোচৰত দোষী সাব্যস্ত কৰি ১০,৫০০ টকাৰ জৰিমনা বিহে।

উল্লেখযোগ্য যে, ২০১৮ চনত মাজুলীত গীৰ্জা ভঙা কেন্দ্ৰীক এক ঘটনাত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নাম সাঙোৰ খাই পৰিছিল।

পৰৱৰ্তী সময়ত মাজুলী মহকুম ন্যায়িক দণ্ডাধীশৰ আদালতত সত্ৰাধিকাৰ গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫/২০১৯ নম্বৰৰ অধীনত ৪৪৭,২৯৫,২৯৮,২৯৪,৪২৭,৫০৬/৩৪ চিআৰডব্লিউ আৰু ৩৫৭ চিআৰপিচি ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

আনহাতে, মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে দিয়া ৰায়দানত অসন্তুষ্ট সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে এই ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলি মন্তব্য কৰে।