এইদৰে ২ মিনিটত চিকচিকিয়া কৰি তোলক গেছৰ লেতেৰা ষ্ট’ভ 

সকলো ঘৰৰেই এটা গুৰুত্বপূৰ্ণ অংশ হৈছে পাকঘৰ। পাকঘৰৰ কথা ভাবিলেই গেছ অভেন আৰু চিলিণ্ডাৰৰ ছবিখন প্ৰথমে মনলৈ আহে। কাৰণ দৈনিক ৰন্ধা-বঢ়াৰ বাবে গেছ অভেনৰ প্ৰয়োজন। কিন্তু ৰন্ধা-বঢ়া কৰি থাকোঁতে প্ৰতিদিনে গেছৰ চৌকাটো লেতেৰা হৈ পৰে। সেয়ে ইয়াক পৰিষ্কাৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। গতিকে আপোনাৰ গেছ অভেনটো ঘৰৰ কেইটামান সামগ্ৰীৰে সহজে পৰিষ্কাৰ কৰক।

শৰীৰৰ যত্নৰ পৰা আৰম্ভ কৰি সৌন্দৰ্য্য চিকিৎসালৈকে, আনকি ঘৰুৱা বহু কামতো গোল নেমুৰ ফলপ্ৰসূ ভূমিকা আছে। গেছ পৰিষ্কাৰ কৰিবলৈ নেমু ব্যৱহাৰ কৰিব পাৰে। নেমুৰ ৰসৰ লগত বেকিং চ’ডা মিহলাই মিশ্ৰণ বনাওক। ইয়াৰ পিছত মিশ্ৰণটোৰে গেছত অভেন ভালকৈ মচি দিয়ক। আপুনি দেখিব যে দাগবোৰ নাইকিয়া হৈ গৈছে। 

শৰীৰক সুস্থ কৰি ৰখাৰ পৰা আৰম্ভ কৰি ছালৰ যত্নলৈকে জলফাইৰ তেল অতি উপযোগী। এই তেলৰ ঘৰুৱা কামৰ বাবেও উপযোগী। ষ্টোভটোৰ ওপৰত জলফাইৰ তেল স্প্ৰে কৰি স্ক্ৰাবাৰেৰে ভালদৰে স্ক্ৰাব কৰক। যদি প্ৰথমবাৰ সকলো মলি পৰিষ্কাৰ নহয় তেন্তে আকৌ ঘঁহিব।

মন বেয়া লাগিলে কফি একাপত চুমুক দি মনটো সতেজ কৰিব পাৰি। কিন্তু ইয়াৰ উপৰিও কফিৰ আন বহু উপকাৰিতা আছে। কফিৰ গুড়ি পানীত দ্ৰৱীভূত কৰি লেতেৰা অভেনটো চিকচিকিয়া কৰি তুলিব পাৰে। 

গেছ অভেন পৰিষ্কাৰ কৰিবলৈ ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰি। গেছটোৰ ষ্টোভটোৰ ওপৰত ভিনেগাৰ কেইটোপালমান সানি এঘণ্টা অপেক্ষা কৰাৰ পিছত কোমল কপাহী কাপোৰেৰে ঘঁহি দিয়ক। এনে কৰিলে পৰিস্কাৰ হৈ উঠিব লেতেৰা ষ্ট’ভ।