মালদ্বীপত সাংবাদিক আৰু বিৰোধী নেতাৰ প্ৰতিবাদ উপেক্ষা কৰি মঙলবাৰে সংসদে নতুন সংবাদ মাধ্যম আৰু সম্প্ৰচাৰ নিয়ন্ত্ৰণ আইন গৃহীত কৰিছে। সমালোচকসকলৰ মতে, এই আইনখনে চৰকাৰক সংবাদ মাধ্যম নিয়ন্ত্ৰণৰ অত্যধিক ক্ষমতা প্ৰদান কৰি মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত গুৰুতৰ আঘাত হানিব।
সংসদীয় অধিবেশনত ৰাষ্ট্ৰপতি মহম্মদ মুইজৰ দলৰ সংখ্যাগৰিষ্ঠতা থকা ৬০ জন সদস্যই বিধেয়কখনৰ পক্ষে ভোট দিয়ে। কেৱল এজন বিৰোধী সদস্যই ইয়াৰ বিৰুদ্ধে ভোট দিছে। অধিবেশন চলি থাকোঁতে প্ৰতিবাদত জড়িত হোৱাৰ অভিযোগত বিৰোধীৰ সাতজন সদস্যক অধিবেশনৰ পৰা বহিষ্কাৰ কৰা হয়।
উল্লেখ্য যে নতুন আইন অনুসৰি, এতিয়ালৈকে কাম কৰা মালদ্বীপ মিডিয়া এণ্ড ব্ৰডকাষ্টিং কমিছনৰ ঠাইত নতুন আয়োগ গঠন কৰা হ’ব। এই আয়োগৰ সাতজন সদস্যৰ ভিতৰত তিনিজনক ৰাষ্ট্ৰপতিয়ে নিযুক্তি কৰিব, বাকী চাৰিজনক সংবাদ মাধ্যমৰ গোটসমূহে নিৰ্বাচন কৰিব। প্ৰয়োজন হ’লে সংসদে এই চাৰিজন সদস্যক অপসাৰণ কৰিব পাৰিব।
আয়োগক মিডিয়া কোম্পানী নিলম্বন, ৱেবছাইট ব্লক, সম্প্ৰচাৰ স্থগিত কৰা আৰু এক লাখ মালদ্বীপীয় ৰুফিয়া (প্ৰায় ৫.৭ লাখ টকা) পৰ্যন্ত জৰিমনা আৰোপ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। চৰকাৰে দাবী কৰিছে যে ভুৱা বাতৰি আৰু ঘৃণামূলক ভাষণ ৰোধ কৰিবলৈ এই আইনখন অত্যন্ত প্ৰয়োজনীয়।
কিন্তু সমালোচকসকলে একে প্ৰকাৰৰ ভিন্ন মত প্ৰকাশ কৰিছে। ৰিপ’ৰ্টাৰ্ছ উইদাউট বাৰ্ডাৰছে আইনখন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাই কয় যে ইয়াৰ দ্বাৰা সংবাদ মাধ্যমক নিয়ন্ত্ৰণ আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। হিউমেন ৰাইটছ ৱাচে, এই আইন বিৰোধী কণ্ঠ দমনৰ প্ৰয়াস বুলি মত প্ৰকাশ কৰিছে।
প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে মন্তব্য কৰি কয়, “বিধেয়কখন খৰখেদাকৈ গৃহীত হোৱাটোৱে গণতন্ত্ৰৰ প্ৰতি চৰকাৰৰ অসন্মান প্ৰকাশ কৰে আৰু মালদ্বীপৰ মুক্ত সংবাদ মাধ্যমৰ বাবে এক বৃহৎ ভাবুকিৰ সৃষ্টি কৰিব।