মোদীৰ লক্ষদ্বীপ ভ্ৰমণক ব্যঙ্গ কৰি নিলম্বিত হ’ল মালদ্বীপৰ তিনি মন্ত্ৰীঃ অব্যাহত বিতৰ্ক

Maldive Narendra Modi

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপ ভ্ৰমণ কৰি সেই ভ্ৰমণৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে মোদীক কটাক্ষ কৰি মালদ্বীপৰ এজন নেতাই এক পোষ্ট কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

মালদ্বীপৰ এই মন্ত্ৰীজনৰ পোষ্টৰ পিছতে ভাৰতৰ তৰফৰ পৰা বিভিন্নধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এনে প্ৰতিক্ৰিয়া তথা বিতৰ্কৰ পিছতে আজি মালদ্বীপ চৰকাৰে বিতৰ্কৰ সূত্ৰপাত ঘটোৱা তিনিগৰাকী মন্ত্ৰীক নিলম্বন কৰা বুলি প্ৰকাশ কৰিছে।

মালদ্বীপ চৰকাৰে এক বিবৃতি যোগে এই বিষয়ে সদৰী কৰিছে। নিলম্বিত নেতাকেইজনৰ নাম অৱশ্যে প্ৰকাশ কৰা হোৱা নাই বিবৃতিটোত। আনহাতে স্থানীয় সংবাদ মাধ্যমৰ মতে, মন্ত্ৰী মৰিয়ম শ্বিউনা, মালছা আৰু হাছান জিহানক নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ লক্ষ্যদ্বীপ ভ্ৰমণৰ কেইবাখনো ফটো আৰু ভিডিঅ’ পোষ্ট কৰাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোক মালদ্বীপৰ বিকল্প পৰ্যটনস্থলী হিচাপে প্ৰক্ষেপ কৰিছিল।

মালদ্বীপৰ এজন ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষদ্বীপ ভ্ৰমণক উপহাস কৰি বিতৰ্কিত মন্তব্য টুইট কৰাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়।

ইয়াৰে এটা টুইটত প্ৰধানমন্ত্ৰী মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ তাৎপৰ্য সম্পৰ্কে ইণ্ডিয়া টুডেৰ প্ৰতিবেদন শ্বেয়াৰ কৰি নেতাজনে ভাৰতে ধন ঘটাৰ বাবে ‘শ্ৰীলংকাৰ দৰে সৰু অৰ্থনীতি নকল কৰা’ বুলি কটাক্ষ কৰে।

শাসকীয় দলৰ মালদ্বীপৰ সাংসদগৰাকীয়ে এক টুইট যোগে কয় যে ভাৰতৰ দৰে বৃহৎ দেশ এখনে শ্ৰীলংকাৰ দৰে সৰু অৰ্থনীতিৰ নকল কৰি ধন ঘটাৰ চেষ্টা কৰাটো অতি দুখৰ বিষয়।

এই মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছতে মালদ্বীপ চৰকাৰে নেতাগৰাকীৰ এই মন্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখি এনে মতামতক ব্যক্তিগত আখ্যা দি চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে বুলি উল্লেখ কৰিছিল।