সমন্বয়ৰ নামত শেহতীয়াকৈ অসমীয়া গামোচাক কৰা অপমানকলৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। দৰাচলতে অসমীয়াৰ স্বাভিমান গামোচা এতিয়া এক সাৰ্বজনীন পৰিচয় বহন কৰা জাতীয় সম্পদ।ফেচবুকত মল্লজিত চেতিয়াই লিখা এই কথাখিনি সকলোৱে এবাৰ চকু ফুৰাই চোৱাটো প্ৰয়োজন। সেয়ে, চেতিয়াৰ ফেচবুক প’ষ্টটো এইবাৰ ফেচবুক কৰ্ণাৰত আগবঢ়োৱা হ’ল-
গামোচা …Fakes can be stopped
গামোচা হৈছে অসমৰ সংস্কৃতি আৰু সমন্বয়ৰ প্ৰতীক।গামোচা আমাৰ ‘identity’।গামোচাৰ লগত আন বস্ত্ৰ একেলগ কৰি সমন্বয় সৃষ্টিৰ চেষ্টা কৰাটো চুড়ান্ত বাতুলামী।
গোলাঘাট জিলাৰ Institute of Handicraft Development য়ে 2017 চনত গামোচাই GI tag পাব লাগে বুলি প্ৰথম দৰ্খাস্ত কৰিছিল।সেই মৰ্মে এদিন গামোচাই Department of Industry promotion and Internal trade ,Ministry of commerce and Industryৰ পৰা GI tag লাভ কৰি অসমলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছিল।
Geographical Indications of Goods(Registration and Protection)Act,1999 ৰ লক্ষ্য হৈছে-GI tag পোৱা ভাৰতৰ সম্পদবোৰক(Goods) Protection দিয়া ।এই Good সমুহৰ Patent,Designআৰু Trad Mark সংৰক্ষণত এই আইনে Controller হিচাপে কাম কৰে।
Any person who falsely applies or falsifies any geographical Indication, tampers the origin of a good , make or have in possession of dye, blocks, machines to use in falsification of GI may be punished shall not be less than six months but which may be extend to three years and with fine which shall not be less than fifty thousand rupees but which may extends to two lakhs rupees.
এই যে দোকানবোৰত নকল গামোচা ধৰিবলৈ মাজে মাজে Raid মৰা হয়,এই কামটোৰ গ্ৰহণযোগ্যতাকলৈ এদিন যাতে প্ৰশ্ন উত্থাপন নহয় তাৰ বাবেও কৰ্তৃত্বশীল পক্ষ্যই কিবা এটা কৰা উচিত ।