NORTHEAST NOW (Assamese)

শনিবাৰে অসমলৈ আহিব কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে

April 26, 2024 1:38 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অসমলৈ আহিব কংগ্ৰেছৰ মূৰব্বী মল্লিকাৰ্জুন খৰ্গে। 

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বিবৃত্তি অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে অহা ২৭ এপ্ৰিল, শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব। 

বিশেষ বিমানযোগে দিনৰ ১১-৩০ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী। ইয়াৰ পিছতে মহানগৰীৰ কিৰণশ্ৰী হোটেলত দিনৰ ১২ বজাৰ পৰা ১ বজালৈ এখন সংবাদমেল সম্বোধন কৰিব খৰ্গেই । 

সংবাদমেল শেষ কৰি দিনৰ ২ বজাত হেলিকপ্টাৰযোগে বৰপেটালৈ ৰাওনা হ’ব আৰু তাতে এখন নিৰ্বাচনী সভা সম্বোধন কৰিব। 

পুনৰ বিয়লি ৪ বজাত গুৱাহাটীলৈ আহি বিশেষ বিমানযোগে দিল্লীলৈ উৰা মাৰিব নেতাগৰাকীয়ে।

 

Related News