NORTHEAST NOW (Assamese)

মমতাগিৰিৰ পুনৰ উদগিৰণ : অসমৰ এন আৰ চিত বাদ পৰা ৪০ লাখৰ ২৫ লাখেই হিন্দু বাঙালী

August 15, 2018 12:31 pm · এন ই নাও নিউজ

“অসম উন্নীতকৃত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছৰ পৰা বিভিন্ন উদ্ভট আৰু উচটনিমূলক মন্তব্য দি থকা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ একচ্ছত্ৰী সামাজ্ঞী মমতা বেনাৰ্জীয়ে পুনৰ আজৱ মন্তব্য কৰিছে।

১৪ আগষ্টত কলকাতাত অনুষ্ঠিত এখন সংবাদমেলত মন্তব্য কৰিছে যে অসমত এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ ২৫ লাখেই হিন্দু বাঙালী আৰু ১৩ লাখ মুচলমান বাঙালী। “বাংলা ভাষা কোৱাটোৱেই এওঁলোকৰ অপৰাধ হ’ল।” এইদৰে উগ্ৰ বাঙালী জাতীয়তাবাদক উচটনি দি কয় নেত্ৰীগৰাকীয়ে।

আনহাতে তেওঁ অসমৰ ডিটেনশ্যন কেম্পবোৰত মুঠ ১২ শ লোকক বন্দী কৰি ৰখা হৈছে বুলিও মন্তব্য কৰে।

সংবাদমেলখনত এন আৰ চিৰ প্ৰসংগ টানি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে মমতাই। বেনাৰ্জীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি অমিত শ্বাহক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, “তিনিটা প্ৰজন্মৰ তথ্য কেনেকৈ সাধাৰণ পৰিয়ালৰ লোকে মজুত ৰাখিব পাৰে? বিজেপি নেতাসকলৰ লগত পৰিয়ালৰ জীৱনপঞ্জী আছে নেকি?” অমিত শ্বাহক কটাক্ষ কৰি কয়, “ইলিচ মাছ দেশী নে বিদেশী বিজেপিৰ সভাপতি অমিত শ্বাহে উত্তৰ দিব লাগে।” অমিত শ্বাহৰ হাতত তেওঁৰ পিতৃৰ জন্মৰ প্ৰমাণপত্ৰ আছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।

‘অসম ভাৰতৰে অংগ। কিন্তু আমাৰ সাংসদক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল।‘ বুলিও অভিযোগ আনে নেত্ৰীগৰাকীয়ে।

আনহাতে  তেওঁ গুৰুতৰ অভিযোগ আনে অসম চৰকাৰৰ বিৰুদ্ধে। চৰকাৰে এন আৰ চিৰ পৰা বাদ পৰা হিন্দু বাঙালী আৰু মুছলিম বাঙালীক অবৈধ বাংলাদেশী বুলি গণ্য কৰিছে বুলি কয়।

Related News