যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এটা সমাজক লজ্জানত কৰা ঘটনা। এগৰাকী কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ পিছত বিষ খুৱাই হত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনা ঘটিছে। উত্তৰ প্ৰদেশৰ জেহানাবাদ অঞ্চল এই অভিযোগক লৈ উত্তপ্ত হৈ পৰিছে। আৰক্ষীয়ে অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
ঘটনাটো নৱবৰ্ষৰ নিশা সংঘটিত হৈছিল। জানিব পৰা গৈছে যে মাজনিশা অভিযুক্ত চুবুৰীয়া কমলে ১৮ বছৰীয়া কিশোৰীগৰাকীক বলপূৰ্বক নিজৰ ঘৰলৈ লৈ গৈছিল। তাৰ পিছত তেওঁ ছোৱালীজনীৰ মুখ বন্ধ কৰি তাইক ধৰ্ষণ কৰে।
লগতে পঢ়ক: বিমানৰ ইঞ্জিনে গিলি পেলালে গোটে গোটে এজন মানুহ! মৰ্মান্তিক দুৰ্ঘটনাত হতবাক বিশ্ব
কিশোৰীগৰাকীয়ে যেতিয়া ‘বচোৱা বচোৱা’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া কমলে তাইক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। অভিযুক্তজনে আনকি যুৱতীগৰাকীক বলপূৰ্বক বিষ খুৱাবলৈ চেষ্টা কৰে।
কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে। অভিযোগ অনুসৰি, যেতিয়া মাতৃয়ে ছোৱালীজনীৰ সন্ধানত অভিযুক্তৰ ঘৰলৈ গৈছিল তেতিয়া তেওঁক অভিযুক্তৰ পৰিয়ালে প্ৰহাৰ কৰিছিল।
মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছিল যে জেহানাবাদ আৰক্ষীয়ে প্ৰথমতে এজাহাৰ পঞ্জীয়ন কৰিব বিচৰা নাছিল। পিছত পিলিভিটৰ কোতৱালী আৰক্ষী থানাত এটা অভিযোগ দাখিল হয়। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক:ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি নেতা বিপ্লব দেৱৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই
অভিযুক্তজন বৰ্তমান পলাতক। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত এক অভিযান আৰম্ভ কৰিছে। ভুক্তভোগী কিশোৰীগৰাকী বৰ্তমান পিলিভিটৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে অভিযুক্ত আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে একাধিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।