লম্পটৰ অসৎ কামনাৰ পৰা কথমপি ৰক্ষা পৰিল নাবালিকা; অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ

Screenshot_20200928_111654

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত মুহিবুৰ ৰহমান। ফটো: নৰ্থইষ্ট নাও

তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ জাগুন ৮ মাইলত এক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে।

দেওবাৰে এটা লম্পটৰ অসৎ কামনাৰ পৰা কথমপি ৰক্ষা পৰে এগৰাকী নাবালিকা।

প্ৰাপ্ত খবৰ অনুসৰি নাবালিকা গৰাকীৰ ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি মুহিবুৰ ৰহমান নামৰ লম্পটটোৱে বাসগৃহত প্ৰৱেশ কৰি নাবালিকা গৰাকীক নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ উদ্যত হয়।

নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই হাতে-লোতে লম্পটটোক আটক কৰিবলৈ সক্ষম হয়।

হোজাইৰ লোকজনে জাগুন ৮ মাইলত ঠিকা ভিত্তিত শ্ৰমিকক কামত মকৰল কৰি আহিছিল। মুহিবুৰে অৱশ্যে এই ঘটনা কথা অস্বীকাৰ কৰিছে।

নাৱালিকাগৰাকীৰ বাসগৃহত অগ্ৰিম টকা দি থোৱা আছিল আৰু সেই টকা পৰিশোধ কৰিবলৈ কোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই অপযশ জাপি দিছে বুলি সংবাদমাধ্যমৰ আগতে মুহিবুৰে প্ৰকাশ কৰে।

আনহাতে, স্থানীয় ৰাইজে এই কথা অস্বীকাৰ কৰি কয় যে মুহিবুৰে প্ৰকৃততে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ উদ্যত হোৱাত নাৱালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত মুহিবুৰক ওচৰ চুবুৰীয়াই হাতে-লোতে আটক কৰি স্থানীয় আৰক্ষীক চমাজাই দিয়ে।

সি যিয়েই নহওক ধৃত মুহিবুৰৰ বিৰুদ্ধে লেখাপানী আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৭, ৩৫৪( এ), ৩৭৬ অধীনত এটি গোচৰ পঞ্জীয়ন কৰি লোকজনক আজি পুৱা জেল হাজোতলৈ প্ৰেৰণ কৰে।